Mahila Congress Protest in GUwahati : সদনত কুইন ওজাৰ নীৰৱ ভূমিকাৰ বিৰুদ্ধে মহিলা কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Mar 12, 2023, 4:54 PM IST

thumbnail

গুৱাহাটী, 12 মাৰ্চ : নিমাতি কইনা সাংসদ আমাক নালাগে, নিমাতি কইনা হ’লে নচলিব, ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰক - আদি শ্ল’গানত কঁপি উঠিল সাংসদ কুইন ওজাৰ উলুবাৰীস্থিত বাসগৃহ (Mahila Congress protest against MP Queen Oja in GUwahati) ৷ দেওবাৰে সাংসদ ওজাৰ উলুবাৰীস্থিত বাসগৃহত এইবাৰ প্ৰতিবাদত বহিল মহিলা কংগ্ৰেছ ৷

13 মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব লোকসভা অধিৱেশন ৷ এই অধিৱেশনতে মূল্যবৃদ্ধি ৰোধ কৰাৰ প্ৰসংগ সাংসদ কুইন ওজাক উত্থাপন কৰাৰ আহ্বান জনাই মহিলা কংগ্ৰেছে । কিন্তু মহিলা কংগ্ৰেছৰ কথা শুনিবলৈয়ো যেন আহৰি নাই সাংসদ কুইন ওজাৰ ৷ যাক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে মহিলা কংগ্ৰেছ (Mahila Congress Protest in Guwahati) ৷

উপায়ন্ত হৈ মীৰা বৰঠাকুৰৰ নেতৃত্বত অহা মহিলা কংগ্ৰেছৰ দলটোৱে হাতে হাতে প্ৰতীকি চিলিণ্ডাৰ লৈ সাংসদ কুইন ওজাৰ বাসগৃহত প্ৰতিবাদ সাব্যস্ত কৰে । সংবাদ মাধ্যমৰ জৰিয়তে মহিলা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে প্ৰধানমন্ত্ৰী মোডী লৈ প্ৰশ্ন কৰি কয়, ‘‘ৰন্ধন গেছৰ মূল্য 450 টকাৰ পৰা এতিয়া 1200 টকা হ’ল । মূল্যবৃদ্ধি দিনে দিনে বৃদ্ধি পাই আছে ৷ কেতিয়া ৰোধ হ’ব এই মূল্যবৃদ্ধি ? আপোনাৰ মন কি বাত বহুত শুনা হ’ল ৷ এতিয়া জনতাৰ মন কি বাত শুনক’’ ৷

লগতে পঢ়ক : OPCA protests : পাকিস্তানত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ, ন্যায়ৰ দাবীত নেডাৰলেণ্ডত প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.