OPCA protests : পাকিস্তানত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ, ন্যায়ৰ দাবীত নেডাৰলেণ্ডত প্ৰতিবাদ

author img

By

Published : Mar 12, 2023, 12:43 PM IST

OPCA protests

দীৰ্ঘদিন ধৰি পাকিস্তানত খ্ৰীষ্টান আৰু সংখ্যালঘুৰ ওপৰত বিভিন্ন ধৰণৰ নিৰ্যাতন চলি আহিছে । যাৰ বাবে আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি নেডাৰলেণ্ডত প্ৰতিবাদ সাব্যস্ত কৰিলে পাকিস্তান খ্ৰীষ্টান সংস্থাই (OPCA protests in Netherland)। মহিলাৰ ওপৰত চলা এই নিৰ্যাতন বন্ধ কৰাৰ দাবীত পাকিস্তান দূতাৱাস আৰু নেডাৰলেণ্ড সংসদত প্ৰতিবাদ সাব্যস্ত কৰিলে ১০০ৰো অধিক প্ৰতিবাদকাৰীয়ে ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ১২ মাৰ্চ : পাকিস্তানত খ্ৰীষ্টান মহিলা আৰু কিশোৰীৰ অধিকাৰ উলংঘনক লৈ নেডাৰলেণ্ডত উত্তাল প্ৰতিবাদ । আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে বুধবাৰে অ'ভাৰচিছ পাকিস্তান খ্ৰীষ্টান সংস্থাই (অ'পিচিএ) নেডাৰলেণ্ডত এক প্ৰতিবাদ সাব্যস্ত কৰে (Overseas Pakistan Christian Association protest)। নেডাৰলেণ্ডস্থিত মানৱ অধিকাৰ সংগঠন গ্লোবেল হিউমেন ৰাইটছ ডিফেন্স (GHRD)ৰ মতে, প্ৰায় ১০২ গৰাকী প্ৰতিবাদকাৰীয়ে প্লেইন ১৮১৩ ত থকা পাকিস্তানৰ ৰাষ্ট্ৰদূতৰ বাসগৃহৰ বাহিৰত নিশা এই প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদটোত জিএইচআৰটিভিত সম্প্ৰচাৰিত হৈছিল । ভিডিঅ' আৰু ছবিৰ সৈতে অনুষ্ঠানটোৰ এক পোনপটীয়া সম্প্ৰচাৰো কৰা হৈছিল । জিএইচআৰডিৰ মতে, পাকিস্তানৰ সংখ্যালঘু মহিলা আৰু কিশোৰীৰ ওপৰত চলা নিৰ্যাতন সম্পৰ্কে পাকিস্তান চৰকাৰ আৰু নেডাৰলেণ্ডৰ সংসদক জনোৱাৰ উদ্দেশ্যে লগতে বাকী বিশ্বলৈ এই বাৰ্তা প্ৰেৰণ কৰাৰ বাবে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে এই প্ৰতিবাদ কৰা হৈছে (OPCA protest in Netherland)।

প্ৰতিবাদকাৰীসকলে হাতে হাতে বিভিন্ন বেনাৰ,পোষ্টাৰ লোৱা দেখা গৈছে । য'ত লিখা আছিল 'মহিলাৰ অধিকাৰ হৈছে মানৱ অধিকাৰ', 'মই শিশু, কইনা নহয়', 'পাকিস্তানত নাবালিকাৰ বলপূৰ্বক ধৰ্মান্তৰকৰণ বন্ধ কৰক' আৰু 'পাকিস্তানত সংখ্যালঘুসকলৰ বলপূৰ্বক ধৰ্মান্তৰকৰণ বন্ধ কৰক' আদি ।

প্ৰতিবাদকাৰীসকলে পাকিস্তান দূতাবাসৰ দিশে সমদল উলিয়াই আৰু বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদকাৰীসকলে সমদলৰ অন্তত পাকিস্তান দূতাবাসৰ বাহিৰত সমবেত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (OPCA protest in front of Pakistan Embassy)। পাকিস্তানৰ চহৰ, গাঁও, বিদ্যালয়, মহাবিদ্যালয় আৰু সকলো ক্ষেত্ৰতে সংখ্যালঘুসকলে আন যিকোনো পাকিস্তানৰ বাসিন্দাৰ দৰে সমান অধিকাৰ বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদকাৰীসকলে দাবী কৰা মতে পাকিস্তানৰ সকলো খ্ৰীষ্টান আৰু অন্যান্য সংখ্যালঘু মহিলা আৰু কিশোৰীৰ কণ্ঠস্বৰ হিচাপে থিয় দিছে । কিয়নো সংখ্যালঘুৰ ওপৰত যিধৰণৰ অত্যাচাৰ চলিছে তাক লৈ সকলো শংকিত হৈ আছে (Crimes against Christian women in Pakistan)। ইফালে প্ৰতিবাদকাৰীসকলে জনোৱা মতে তেওঁলোকে পূৰ্বেও প্ৰতিবাদ সাব্যস্ত কৰিছে ।

পাকিস্তানৰ লগতে বিভিন্ন ঠাইত এনে ধৰণৰ বহু প্ৰতিবাদ সাব্যস্ত কৰিছে । যেতিয়ালৈ পাকিস্তানৰ ৰাষ্ট্ৰদূত আৰু পাকিস্তান চৰকাৰে তেওঁলোকৰ দাবী মানি নলয় তেতিয়ালৈ তেওঁলোকৰ প্ৰতিবাদ অব্যাহত থাকিব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰদূতক প্ৰশ্ন কৰিছে পাকিস্তানত সংখ্যালঘু হোৱাটো অপৰাধ নেকি ? তেওঁলোকৰ ছোৱালী আৰু ভগ্নী অপৰাধী নেকি যাক ধৰ্ষণ, অপহৰণ আৰু বলপূৰ্বক ধৰ্মান্তৰিত কৰি আছে ? সেয়ে এই অপৰাধত জড়িতসকলক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিয়াৰ লগতে ভুক্তভোগীসকলক ন্যায় প্ৰদানৰো দাবী জনাই প্ৰতিবাদকাৰীসকলে (Violation of rights of Christian women in Pakistan)।

একাংশ প্ৰতিবাদকাৰীয়ে অভিযোগ কৰা মতে পাকিস্তানত ১২-১৪ বছৰৰ সৰু সৰু ছোৱালীবোৰক অপহৰণ কৰি বয়সত বহু ডাঙৰ মুছলমান পুৰুষৰ সৈতে বলপূৰ্বক বিয়া কৰাই দিয়া হৈছে ।

ইফালে প্ৰতিবাদকাৰীসকলে নেডাৰলেণ্ডৰ সংসদলৈও প্ৰতিবাদী সমদল উলিয়ায় (OPCA protest at Dutch parliament)। অ'পিচিএৰ সভাপতি উইলছনৰ লগতে আন তিনিজন সদস্যই নেডাৰলেণ্ডৰ খ্ৰীষ্টান ইউনিয়নৰ হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ সদস্য ষ্টিনেক ভান ডেৰ গ্ৰাফক সাক্ষাৎ কৰাৰ বাবেও আবেদন জনায় ।

ইফালে ষ্টিনেক ভান ডেৰ গ্ৰাফে প্ৰতিশ্ৰুতি দিছে যে, তেওঁ সংসদত এই বিষয়ত মাত মাতিব আৰু লগতে নেডাৰলেণ্ড চৰকাৰক পাকিস্তানৰ বিৰুদ্ধে ইউৰোপীয় ইউনিয়নৰ সৈতে কাম কৰিবলৈ ক'ব ।

লগতে পঢ়ক :Silicon Valley Bank turmoil: ভয়ংকৰ বিত্তীয় সংকটত আমেৰিকাৰ ছিলিকন ভেলী বেংক; বেংকটোৰ সকলো সম্পত্তি বাজেয়াপ্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.