ETV Bharat / bharat

Silicon Valley Bank turmoil: ভয়ংকৰ বিত্তীয় সংকটত আমেৰিকাৰ ছিলিকন ভেলী বেংক; বেংকটোৰ সকলো সম্পত্তি বাজেয়াপ্ত

author img

By

Published : Mar 11, 2023, 5:28 PM IST

Silicon Valley Bank turmoil
Silicon Valley Bank turmoil

ভয়ংকৰ বিত্তীয় সংকটত আমেৰিকাৰ বৃহৎ বেংক প্ৰতিষ্ঠান ছিলিকন ভেলী (Silicon Valley Bank turmoil) ৷ শুকুৰবাৰে বাজেয়াপ্ত কৰা হয় বেংকটোৰ সকলো সম্পত্তি ৷ যাৰবাবে এতিয়া বিশ্বৰ বজাৰত পৰিছে বিৰূপ প্ৰভাৱ ৷ সংকটৰ সন্মুখীন হৈছে বিনিয়োগকাৰী প্ৰতিষ্ঠানসমূহ ৷

নেশ্যনেল ডেস্ক, 11 মাৰ্চ: আমেৰিকাৰ বৃহৎ বেংক প্ৰতিষ্ঠান ছিলিকন ভেলীৰ সকলো সম্পত্তি বাজেয়াপ্ত (Silicon Valley Bank turmoil) ৷ শুকুৰবাৰে ছিলিকন ভেলী বেংকৰ(SVB) সকলো সম্পত্তি বাজেয়াপ্ত কৰা হয় ৷ শেহতীয়াকৈ ভয়ংকৰ বিত্তীয় সংকটৰ সন্মুখীন হৈছিল ষ্টাৰ্টআপ কেন্দ্ৰিক ঋণদাতা ছিলিকন ভেলী বেংক ৷ হঠাতে হোৱা এই বিত্তীয় সংকটৰ বাবে আবদ্ধ হৈ পৰে বেংকটোৰ বিনিয়োগকাৰী প্ৰতিষ্ঠান আৰু ব্যক্তিৰ কোটি কোটি ডলাৰ ৷ আমেৰিকাৰ 16 তম সৰ্ববৃহৎ বেংক আছিল ছিলিকন ভেলী (Silicon Valley Bank crisis) ৷

উল্লেখ্য যে, 2008 চনত আমেৰিকাৰ ৱাশ্বিংটন মিউছুৱেল বেংকৰ পতনৰ পাচতেই ছিলিকন ভেলীৰ পতন আমেৰিকাৰ ইতিহাসত দ্বিতীয় বৃহৎ বেংক বিফলতা হিচাবে পৰিগণিত হৈছে ৷ শুকুৰবাৰে কেলিফৰ্ণিয়াৰ বেংকিং নিয়ন্ত্ৰকে সকলো সম্পত্তি বাজেয়াপ্ত কৰি বেংকিং প্ৰতিষ্ঠানটোক বন্ধ কৰি দিয়ে ৷ প্ৰাপ্ত তথ্য অনুসৰি ছিলিকন ভেলীৰ মুখ্য কাৰ্যালয় আৰু ইয়াৰ শাখাসমূহ 13 মাৰ্চৰ পৰা পুনৰ খুলিবলৈ অনুমতি প্ৰদান কৰা হৈছে ৷ 13 মাৰ্চৰ পৰাহে বেংকৰ জমাকৰ্তাসকলে বীমাকৃত জমাৰ সম্পূৰ্ণ প্ৰৱেশাধিকাৰ লাভ কৰিব ৷ স্বাভাৱিকতেই বেংকটোৰ পতনে বিশ্বৰ বজাৰত পেলাইছে বিৰূপ প্ৰভাৱ (Silicon Valley Bank assets seized) ৷

ভিডিঅ' গেম নিৰ্মাতা ৰবলক্স কৰ্প আৰু ষ্ট্ৰীমিং ডিভাইচ নিৰ্মাতা ৰোকু ইনক'ৰ দৰে কোম্পানীবোৰে জনোৱা অনুসৰি তেওঁলোকৰ বেংকত কেইবা কোটি জমা আছে । ৰোকু নামৰ প্ৰতিষ্ঠানটোৱে সদৰী কৰা অনুসৰি ছিলিকন ভেলী বেংকত থকা জমাবোৰ মুখ্যতঃ বীমাবিহীন আছিল, যাৰ বাবে ইয়াৰ শ্বেয়াৰৰ সম্প্ৰসাৰিত ব্যৱসায়ত 10 শতাংশলৈ হ্ৰাস পাইছে ৷ কেৱল সিমানেই নহয়, বেংকটোৰ কৰ্মচাৰীসকলো প্ৰাপ্য মজুৰিৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে (Silicon Valley Bank failure) ৷

বেংকটোৰ ৱেবচাইটত লাভ কৰা তথ্য অনুসৰি আমেৰিকাৰ আধাতকৈয়ো অধিক প্ৰযুক্তি আৰু স্বাস্থ্য সেৱা প্ৰতিষ্ঠান ছিলিকন ভেলী বেংকৰ গ্ৰাহক আছিল ৷ কাৰণ ষ্টাৰ্টআপ প্ৰতিষ্ঠানসমূহক অতি ক্ষীপ্ৰতাৰে ঋণ যোগান ধৰিছিল ছিলিকন ভেলী বেংকে ৷ কিন্তু এতিয়া ছেলিকন ভেলীত বিনোয়গকাৰী প্ৰতিষ্ঠানসমূহো সন্মুখীন হৈছে বিপদৰ ৷ এক-তৃতীয়াংশ ষ্টাৰ্টআপে পৰৱৰ্তী মাহলৈকে যদি বিনিয়োগকৰা পুঁজি লাভ নকৰে তেন্তে সেই প্ৰতিষ্ঠানসমূহৰ কৰ্মচাৰীসকলো হ’ব লাগিব বেতনৰ পৰা বঞ্চিত (Silicon Valley Bank collapse) ৷

লগতে পঢ়ক: WhatsApp Business: নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে নেকি ? WhatsAppৰ এই পাৰ্টনাৰসকলে কৰিব সহায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.