Durga Puja 2023: আজি মহা অষ্টমী; তেজপুৰৰ ভৈৰৱী দেৱালয়ত ভক্তৰ ভিৰ

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 1:23 PM IST

thumbnail

তেজপুৰ, ২২ অক্টোবৰ: আজি মহা অষ্টমী । সমগ্ৰ ৰাজ্যৰ লগতে অন্যতম শক্তিপীঠ তেজপুৰৰ মা ভৈৰৱী মন্দিৰ অথবা মাইথানতো পৰম্পৰা অনুযায়ী আৰম্ভ হৈছে অষ্টমী পূজা । পুৱাৰ পৰাই দূৰ দূৰণিৰ পৰা ভক্তই ভিৰ কৰিছেহি ভৈৰৱী মন্দিৰত ৷ উল্লেখ্য যে, ঐতিহাসিক এই মাইথানত ৩০ বছৰৰ বিৰতিৰ পাচত দুৰ্গা পূজাৰ নৱমীত ম’হ বলি দিয়া হ’ব ৷ ব্ৰহ্মপুত্ৰৰ পাৰৰ তথা গেৰেকী অঞ্চলত অৱস্থিত এই ভৈৰৱী দেৱালয় ৷ 

এসময়ত এই শক্তিপীঠত দুৰ্গাপূজাৰ সময়ত বহু সংখ্যক পঠা ছাগলী, হাঁহ আৰু পাৰ বলি দিয়া হৈছিল ৷ শতিকা পুৰণি বলি কটা খড়গৰে বলি দিয়া হয় এই মন্দিৰত ৷ এই দেৱালয়ত পূৰ্বে নৱমীত ম’হ বলি দিয়া হৈছিল যদিও যোৱা ৩০ বছৰে ইয়াত ম’হ বলি বন্ধ হৈ আছিল ৷ কিন্তু এইবাৰ নৱমীৰ দিনটোত দুটাকৈ ম’হ বলি দিয়া হ’ব ভৈৰৱী দেৱালয়ত ৷ 

দেৱালয়ৰ পূজাৰীয়ে এই বিষয়ে সদৰী কৰি লগতে কয় যে, ইতিমধ্যে ম’হ বলিৰ বাবে  মন্দিৰৰ নামনিৰ ব্ৰহ্মপুত্ৰৰ দাঁতিত বলিশাল স্থাপন কৰা হৈছে ৷ জনবিশ্বাস অনুসৰি এই দেৱালয়ত বান ৰজাৰ দুহিতা ঊষাই দেৱীয়ে শক্তিৰ আৰাধনা কৰিছিল ৷ পৰৱৰ্তী সময়ত আহোমৰ ৰাজত্বকালত এই থানখন সংৰক্ষণৰ ব্যৱস্থা কৰা হয় ৷ 

লগতে পঢ়ক: Road accident: চাবুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, বাতিল ৰে’লসেৱা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.