Road accident: চাবুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, বাতিল ৰে’লসেৱা

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 12:07 PM IST

thumbnail

চাবুৱা,২২ অক্টোবৰ: চৌদিশে শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ-উল্লাস । দুৰ্গোৎসৱৰ আনন্দৰ মাজতে চাবুৱাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱা দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় পথ দুৰ্ঘটনাটো । দুৰ্ঘটনাৰ ফলত দুয়োখন ট্ৰাক ৰে'ল লাইনত পৰি যোৱাত বন্ধ হৈ পৰে ৰে'ল লাইনটো ।  

ফলত পুৱাই ডিব্ৰুগড়লৈ অহা দূৰণিবটীয়া সকলো ৰে'ল বন্ধ হৈ পৰে । ইতিমধ্যে AS01LC3269 আৰু AS01EC7602 নম্বৰ দুয়োখন মালবাহী ট্ৰাক উদ্ধাৰৰ বাবে ৰে'ল আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবপৰা গৈছে । এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আশ্ৰফ আলি নামৰ চালক এজন । আহত চালকজনক ততাতৈয়াকৈ আৰক্ষীয়ে প্ৰেৰণ কৰে চিকিৎসালয়লৈ ।  

লগতে পঢ়ক:  Road Accident in Dhemaji : কিশোৰক বচাবলৈ গৈ পথৰ দাঁতিৰ দ খাৱৈত সোমাল বাহন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.