ETV Bharat / bharat

ৰেমলৰ সংহাৰ: দিল্লীৰ পৰাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা - Cyclone Remal

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 11:14 AM IST

Cyclone Remal: সপ্তম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে নতুন দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত মুখ্যমন্ত্ৰী শৰ্মা । কুৰিঞ্চু নদীৰ পানী মুকলি সন্দৰ্ভত আগতীয়া তথ্য লাভৰ বাবে ভূটানৰ কৰ্তৃপক্ষৰে যোগাযোগ স্থাপনৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷ ক্ষতিগ্ৰস্ত জিলাসমূহৰ আয়ুক্তসকলক সাহায্য আৰু পুনৰ্বাসন অভিযান চলোৱাৰ বাবে সুকীয়া দল গঠন কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ

Cyclone Remal
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV BHARAT)

নিউজ ডেস্ক, ৩০ মে’: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সাগৰীয় ঘূৰ্ণীবতাহ ৰেমলৰ সংহাৰৰ পাচত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক প্ৰয়োজনীয় সকলো সাহায্য আৰু আহতসকলক সময়মতে চিকিৎসা প্ৰদানৰ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰী শৰ্মাই নতুন দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ঘূৰ্ণীবতাহৰ পাচত ৰাজ্যখনৰ সামগ্ৰিক পৰিস্থিতিৰ বিষয়ে বুজ লয় ।

ইফালে কুৰিঞ্চু নদীৰ পানী মুকলি কৰাৰ সন্দৰ্ভত আগতীয়া তথ্য লাভৰ বাবে বৰপেটা, চিৰাং আৰু বাক্সা জিলাৰ আয়ুক্তসকলে ভূটানৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ স্থাপন কৰা বিষয় সন্দৰ্ভত নিশ্চয়তা লোৱাৰ বাবে মুখ্য সচিব ড০ ৰবি কোটাকো নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই । কুৰিঞ্চুৰ পৰা অতিৰিক্ত পানী মুকলি কৰাৰ সন্দৰ্ভত আগতীয়া তথ্যৰ জৰিয়তে ৰাজ্যখনত কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টিৰ পূৰ্বেই ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰী শৰ্মাই লগতে ব্যক্ত কৰে ।

বৈঠকৰ সৈতে জড়িত সূত্ৰসমূহে জনোৱা মতে, মুখ্যমন্ত্ৰী শৰ্মাই জিলা কৰ্তৃপক্ষক ক্ষতিগ্ৰস্ত লোকসকলক সম্ভাৱ্য সকলো সহায় আৰু সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে । তেওঁ লগতে নিহতসকলৰ আত্মীয়ক অতিশীঘ্ৰে এককালীন সাহাৰ্য প্ৰদান কৰিবলৈও জিলা আয়ুক্তসকলক কয় । একে সময়তে লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত ক্ষতিগ্ৰস্ত জিলাসমূহৰ আয়ুক্তসকলক সাহায্য আৰু পুনৰ্বাসন অভিযান চলোৱাৰ বাবে সুকীয়া দল গঠন কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে । সূত্ৰই জানিবলৈ দিয়ে ।

একে ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্ৰস্ত সকলো অঞ্চলতে অতি সোনকালে বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰাৰ বাবে যুদ্ধগতিত কাম কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে অসম শক্তি বিতৰণ কোম্পানীৰ বিষয়ববীয়াক আহ্বান জনায় । আনহাতে বৰষুণৰ পানী কমি গ’লেই হাৰংগাজাও আৰু জাতিংগাৰ মাজত পৃষ্ঠীয় যোগাযোগ পুনৰ স্থাপনৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষক মুখ্যমন্ত্ৰী শৰ্মাই আহ্বান জনায় ৷ অসম আৰু চুবুৰীয়া ৰাজ্য মণিপুৰ আৰু মিজোৰামৰ নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত তেওঁ বৰাক উপত্যকাৰ তিনিখন জিলাৰ আয়ুক্তসকলক খাদ্য শস্য আৰু অন্যান্য ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ (পিডিএছ) সামগ্ৰীৰ পৰ্যাপ্ত মজুত ৰাখিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনত বিজেপিৰ অন্যতম তাৰকা প্ৰচাৰক হিচাপে মুখ্যমন্ত্ৰী শৰ্মা সম্প্ৰতি হিমাচল প্ৰদেশ, ঝাৰখণ্ড, ওড়িশাকে ধৰি কেইবাখনো ৰাজ্যত প্ৰচাৰ অভিযানত ব্যস্ত আছে ৷

লগতে পঢ়ক: ওড়িশাৰ মুখ্যমন্ত্ৰীৰ এটা ভিডিঅ’ দেখি হতাশ হ’ল মুখ্যমন্ত্ৰী ড৹ শৰ্মা - Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.