ETV Bharat / politics

ওড়িশাৰ মুখ্যমন্ত্ৰীৰ এটা ভিডিঅ’ দেখি হতাশ হ’ল মুখ্যমন্ত্ৰী ড৹ শৰ্মা - Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 9:31 PM IST

Updated : May 28, 2024, 9:46 PM IST

Himanta Biswa Sarma on Naveen Patnaik : ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ এটা ভিডিঅ’ আপলোড কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৷ বহিঃৰাজ্যৰ প্ৰাক্তন আমোলা এগৰাকীয়ে ওড়িশাৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰাৰ শংকাত দুখ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Himanta Biswa Sarma on Naveen Patnaik
ওড়িশাৰ মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত ড৹ হিমন্ত বিশ্ব শৰ্মা (X/@himantabiswa)

নিউজ ডেস্ক, 28 মে’: লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে ওড়িশাত বাহৰ পাতি আছি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাজ্যখনত ড৹ শৰ্মাই অংশগ্ৰহণ কৰিছে ইখনৰ পিচত সিখন নিৰ্বাচনী সভাত ৷ প্ৰতিখন প্ৰচাৰ সভাতে ড৹ শৰ্মাই বিশেষকৈ আক্ৰমণৰ লক্ষ্য কৰি লৈছে মুখ্যমন্ত্ৰী তথা বিজু জনতা দলৰ নেতা নবীন পাটনায়কক ৷

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ওড়িশাৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে মূলতঃ এটা বিষয়ক কেন্দ্ৰ কৰিয়েই আক্ৰমণাত্মক মন্তব্য কৰা দেখা গৈছে ৷ উক্ত বিষয়টোত জড়িত হৈ আছে এগৰাকী প্ৰাক্তন প্ৰশাসনিক বিষয়া তথা মুখ্যমন্ত্ৰী পাটনায়কৰ প্ৰাক্তন ব্যক্তিগত সচিব কাৰ্তিকেয়ন পাণ্ডিয়ান ৷ ৰাজ্যখনৰ বৰ্তমানৰ প্ৰযুক্তি, স্বচ্ছতা, ৰূপান্তৰ, সময় সীমা আৰু টীমৱৰ্কৰ এই 5Tৰ অধ্যক্ষৰ দায়িত্বত থকা পাণ্ডিয়ানে মুখ্যমন্ত্ৰীগৰাকীক সহায় কৰি থকা বিষয়টো ভালপোৱা নাই ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

ইয়াৰ মূলতে হ’ল প্ৰাক্তন আমোলা কাৰ্তিকেয়ন পাণ্ডিয়ান হ’ল তামিলনাডুৰ ৷ গতিকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ওড়িশাৰ জনতাক বুজাবলৈ চেষ্টা কৰিছে যে তামিলনাডুৰ এজন প্ৰাক্তন আমোলাই ওড়িশাৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰিছে ৷ এই কথাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা হতাশ হোৱা বুলি মন্তব্য কৰে ৷

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই মঙলবাৰে এক্সত এটা পোষ্ট কৰে ৷ পোষ্টটোত নবীন পাটনায়কৰ সৈতে এখন সভাত কাৰ্তিকেয়ন পাণ্ডিয়ান থকা এটা ভিডিঅ’ আপলোড কৰিছে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ ভিডিঅ’টোৰ কেপশ্যনত ড৹ শৰ্মাই লিখিছে, ‘‘এইটো এটা অতি দুখজনক ভিডিঅ' ৷ ইয়াত শ্ৰীযুত ভি কে পাণ্ডিয়ানজীয়ে শ্ৰী নবীন বাবুৰ হাতৰ গতিবিধিও নিয়ন্ত্ৰণ কৰি আছে । তামিলনাডুৰ এজন অৱসৰপ্ৰাপ্ত প্ৰাক্তন আমোলাই এতিয়া কেনেকৈ ওড়িশাৰ ভৱিষ্যৎ নিয়ন্ত্ৰণ কৰিব, সেয়া কল্পনা কৰি মই হতাশ হৈছো ! বিজেপিয়ে ওড়িশাৰ শাসনৰ ভাৰ আকৌ এবাৰ ৰাজ্যখনৰ জনসাধাৰণৰ হাতত দিবলৈ সংকল্পবদ্ধ ।’’

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আপলোড কৰা ভিডিঅ’টোত দেখা গৈছে যে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে এখন সভাত ভাষণ দি থকা অৱস্থাত তেওঁৰ হাতখন কঁপি আছিল ৷ কাষতে ৰৈ মাইক্ৰ’ফোন ধৰি থকা ভি কে পাণ্ডিয়ানে মুখ্যমন্ত্ৰীগৰাকীৰ কঁপি থকা হাতখন যাতে ৰাইজে নেদেখে তাৰ বাবে হাত তললৈ দি লুকুৱাবলৈ চেষ্টা কৰে ৷ এই ভিডিঅ’টো ইতিমধ্য ভাইৰেল হৈ পৰিছে ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো ওড়িশাৰ মুখ্যমন্ত্ৰীগৰাকীক সমালোচনা কৰিবলৈ ভিডিঅ’টো ব্যৱহাৰ কৰা দেখা গ’ল ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ আগতেও অভিযোগ কৰিছিল যে নবীন পাটনায়কে তেওঁৰ ঘনিষ্ঠ সহযোগী তথা তামিলনাডুৰ প্ৰাক্তন আমোলা ভি কে পাণ্ডিয়ানৰ মতে কাম কৰে ৷ নিজৰ মতে কথাও নকয় ৷ এইক্ষেত্ৰত নিজৰ বিষয়ে ড৹ শৰ্মাই কৈছিল যে এজন মুখ্যমন্ত্ৰী হিচাপে তেওঁ অকলে ঘূৰি ফুৰে আৰু মুকলিভাৱে ৰাইজক লগ কৰে ৷ ইয়াৰ বিপৰীতে ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে নবীন পাটনায়কক কেতিয়াও কাষত ভি কে পাণ্ডিয়ান নথকা অৱস্থাত দেখা নাযায় । ড৹ শৰ্মাই আনকি ৰাইজৰ আদৰ লাভৰ বাবে অকলে ওলাই আহিবলৈও ওড়িশাৰ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি আহ্বান জনাইছিল ।

লগতে পঢ়ক: বছৰৰ পঞ্চমটো মাহত পুনৰ ঋণ ল'বলৈ আগবাঢ়িছে অসম চৰকাৰ

Last Updated : May 28, 2024, 9:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.