Road Accident in Dhemaji : কিশোৰক বচাবলৈ গৈ পথৰ দাঁতিৰ দ খাৱৈত সোমাল বাহন

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 10:41 PM IST

thumbnail

ধেমাজি, 21 অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ-উচাহৰৰ মাজতে সপ্তমীৰ দিনা ধেমাজিৰ মাছখোৱাত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ মাছখোৱা জুলি চাৰিআলিত সংঘটিত হয় এই দুৰ্ঘটনা ৷ জানিব পৰা মতে, AR 01 J 2351 নম্বৰ চাৰিচকীয়া বহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ দ-খাৱৈত বাগৰি পৰে ৷

স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, গোগামুখৰ দিশৰ পৰা তীব্ৰ বেগেৰে আহি আছিল বাহনখন ৷ তেনে সময়তে জুলি চাৰিআলিৰ পৰা পূজাৰ সামগ্ৰী লৈ পথ অতিক্ৰম কৰিবলৈ লোৱা এজন কিশোৰক বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে ৷ ফলত নিয়ন্ত্ৰণ হেৰাই পথৰ দাঁতিৰ দ খাৱৈত সোমাই যায় বাহনখন ৷

‘‘বাহনখনত তিনিজনকৈ কিশোৰ আছিল ৷ তাৰে এজনে চলাই আহিছিল বাহনখন ৷ যাৰ বাবে এই দুৰ্ঘটনা হ’ল ৷’’ এই মন্তব্য প্ৰত্যক্ষদৰ্শীৰ ৷ এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:Durga Puja 2023: অশ্ৰুসিক্ত নয়নেৰে দেৱী দুৰ্গাক বিদায় দিলে মৃন্ময় শিল্পীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.