শ শ বছৰীয়া পৰম্পৰাৰে মাজুলীৰ সত্ৰানুষ্ঠানত ভোগালী উৎসৱ উদযাপন

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 3:58 PM IST

thumbnail

মাজুলী, 15 জানুৱাৰী : আজি ভোগৰ উৎসৱ ভোগালী | অসমীয়াৰ বাপতি সাহোন বিহুটি সমগ্ৰ অসমৰ লগতে সত্ৰপীঠ মাজুলীতো আধ্যাত্মিক ৰীতি-নীতি তথা পৰম্পৰাৰে উদযাপন কৰা হৈছে ৷ শ শ বছৰীয়া ঐতিহ্যৰে মহীয়ান মাজুলীৰ 35 খন সত্ৰৰ লগতে গ্ৰামাঞ্চলত স্বকীয় পৰম্পৰা, লোকৰীতি, আধ্যাত্মিকতাৰে ভোগালী বিহু উদযাপন কৰা হৈছে ৷  

আজি পুৱা সত্ৰানুষ্ঠানত সত্ৰাধিকাৰ সহিতে সমূহ বৈষ্ণৱে স্নান কৰি হৰিধ্বনি দি মেজি জ্বলায় ৷ সমাজৰ আসূয়া-অপ্ৰীতি বিনাশৰ বাবে সকলোৱে সেৱা আগবঢ়ায় ৷ ঐতিহাসিক দক্ষিণপাট সত্ৰতো সমূহ ভকত বৈষ্ণৱে হৰিধ্বনি দিয়াৰ লগতে গায়ন-বায়ন পৰিৱেশন কৰে ৷  

আনহাতে উত্তৰ কমলাবাৰী সত্ৰতো সত্ৰাধিকাৰকে ধৰি ভকত-বৈষ্ণৱ সকলে পুৱা পৰম্পৰা অনুসৰি মেজিত জুই দি হৰিধ্বনিৰে সমাজৰ অসূয়া-অপ্ৰীতি নাশৰ প্ৰাৰ্থনা জনায় ৷ মাজুলীৰ 6 খনকৈ ঐতিহাসিক উদাসীন সত্ৰৰ বৈষ্ণৱ সকলে ভোগালী বিহু উদযাপন কৰিছে ৷ পুৱাৰ মেজি জ্বলোৱাৰ পাছত নাম-কীৰ্তন, গুৰু সেৱা, ভকত সেৱা আদি পৰম্পৰা প্ৰচলিত হৈ আহিছে সত্ৰ সমূহত ৷

লগতে পঢ়ক : বিহুৰ পৰম্পৰা ৰক্ষা কৰি মেজিত অগ্নিসংযোগ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.