বিহুৰ পৰম্পৰা ৰক্ষা কৰি মেজিত অগ্নিসংযোগ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 10:28 AM IST

thumbnail

গুৱাহাটী, 15 জানুৱাৰী: ৰাজ্যজুৰি মাঘ বিহু উপলক্ষে উখল-মাখল পৰিৱেশ । পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় ভোগৰ বিহু ভোগালী । মাঘ বিহুৰ আগদিনা উৰুকাৰ নিশা ভেলাঘৰত সকলোৱে একেলগে তৃপ্তিৰে এসাঁজ খাই পুৱাৰ ভাগত অপায় অমংগল দূৰ আৰু মংগল কামনাৰে মেজিত অগ্নিসংযোগ কৰিলে ৰাজ্যবাসীয়ে । 

প্ৰতিবছৰৰ দৰে এইবৰ্ষও মহানগৰীৰ জ্যোতিকুচিস্থিত নিজ বাসগৃহত মাঘ বিহু উদযাপন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । পূৰ্বৰ দৰে এইবাৰো মাঘ বিহুৰ মেজি জ্বলোৱা পৰম্পৰা পালন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । মেজি জ্বলোৱা পৰম্পৰা পালনৰ লগতে আত্মীয়,‌ বন্ধুবৰ্গৰ সৈতে জলপান গ্ৰহণ কৰিলে মন্ত্ৰীগৰাকীয়ে ।

মেজিৰ জুইত অগ্নি সংযোগ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয়, "খেতিয়কৰ সন্তান হিচাপে আৰু অসমীয়া সন্তান হিচাপে ভোগালী বিহু আমাৰ অতি মৰমৰ ।" লগতে শৈশৱৰ স্মৃতিও ৰোমন্থন কৰে মন্ত্ৰীগৰাকীয়ে । 

মাঘ বিহু উদযাপন কৰি কোচিনলৈ ৰাওনা হ'ব সৰ্বানন্দ সোণোৱাল ৷

লগতে পঢ়ক: ভোগৰ ভোগজৰা লৈ আজি ভোগালীৰ উৰুকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.