ETV Bharat / state

ভোগৰ ভোগজৰা লৈ আজি ভোগালীৰ উৰুকা

author img

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 5:53 PM IST

Bhogali Bihu Uruka Celebration: আজি উৰুকা । প্ৰাপ্তিৰ হাঁহি পিন্ধি অসমীয়াই ভেলাঘৰত খাব তৃপ্তিৰ এসাঁজ । সম্পূৰ্ণ হৈছে প্ৰস্তুতি । চৌদিশে আনন্দৰ জোৱাৰ । চাওক এক প্ৰতিবেদন ।

Bhogali Bihu Uruka Celebration
ভোগৰ ভোগজৰা লৈ আজি ভোগালীৰ উৰুকা

ভোগৰ ভোগজৰা লৈ আজি ভোগালীৰ উৰুকা

নিউজ ডেস্ক, ১৪ জানুৱাৰী: পথাৰত সৌৱা ওখকৈ মেজি । কাষতে আছে ভেলাঘৰ এটি । হাঁহে-মাহে অসমীয়াই এসাঁজ খাব আজি । উদুলি-মুদুলি অসমীয়াৰ পদুলি । হিমসনা পথাৰে আজি নাচি উঠিছে । সপোন সোণগুটি ভঁড়ালত সুমুৱাই, বছৰজোৰা শ্ৰমৰ অন্তত ন-চাউলেৰে এসাঁজ খোৱাৰ যো-জা চলিছে । আজি উৰুকা । ঢেঁকীৰ গুমগুমনিত কঁপিছে চৌদিশ । ভেলাঘৰত বিহুগীতৰ জোৱাৰ ।

শীতৰ শীতল আঁচলৰে আদৰি আনিছে ভোগালীক । বছৰযোৰা শ্ৰমৰ ফচলৰে আজি অসমীয়াই খাব প্ৰীতিৰ এসাঁজ । হাঁহ-মাহ, মাছে আদি যোগাৰ কৰিছে সকলোৱে ৷ আঁজুৰি চিঙি আনিছে চালৰ কোমোৰা । আনিছে গঁড়ালৰ তেলাল হাঁহ । লগতে আকৌ বিলৰ ডাঙৰ বৰালীটো । চিতলৰ কলঠীৰেও জুতি ল'ব কোনোজনে । পুৱাতেই কৰা হ'ল বজাৰ । সৰু-বৰ মাছেৰে ভৰিল মাছৰ বজাৰ । পুৱতি নিশাতে পচন্দৰ মাছটো বিচাৰি ঢাপলি মেলিলে সকলোৱে ৷

কোনো কোনো নামিল সমূহীয়া মৎস্য চিকাৰত । মূল্যবৃদ্ধিৰ প্ৰভাৱেও যেন লৰাব নোৱাৰিলে অসমীয়াক । নিশালৈ চলিব ভোগৰ উৎসৱ । প্ৰাপ্তিৰ ফচলৰে এসাঁজ খাই বছৰটোলৈ টনকিয়াল হ'ব অসমীয়া । ঐতিহ্য পৰম্পৰাৰে জিলিকি উঠিছে ৰাজ্যৰ চৌদিশ । এয়াই ভোগালী, এয়াই ভোগালীৰ ভোগজৰা । উৰুকাৰ নিশাটোত লগে-ভাগে এসাঁজ খাবৰ বাবে সকলো ব্যস্ত হৈ পৰিছে যা-যোগাৰ কৰাত । বিধে বিধে সামগ্ৰীৰে উভৈনদী হৈ পৰিছে ৰাজ্য়ৰ বজাৰ । গ্ৰাহকৰ ভিৰ দেখি সন্তুষ্টি লাভ কৰিছে ব্যৱসায়ীসকলে । অন্যান্য সামগ্ৰীৰ দৰে বিহুত অপৰিহাৰ্য দৈ, ক্ৰীম আৰু চিৰা, পিঠা-পনা আদি সামগ্ৰীৰেও ভৰি পৰিছে বজাসমূহ ।

লগতে পঢ়ক: উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবলৈ সমূহীয়া মৎস্য চিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.