পৰম্পৰা, ৰীতি-নীতিৰে সৰুপথাৰত ভোগালী বিহু উদযাপন

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 7:40 PM IST

thumbnail

সৰুপথাৰ, ১৫ জানুৱাৰী : সোমবাৰে ৰাজ্যবাসীয়ে পালন কৰিছে ভোগৰ উৎসৱ ভোগালী । ইয়াৰ পূৰ্বে দেওবাৰে উৰুকাৰ নিশা হাঁহে-মাহে এসাঁজ উদৰ পূৰাই খালে প্ৰতিগৰাকী অসমীয়াই । পুৰণি পৰম্পৰা ৰক্ষা কৰি অসমীয়াই ভেলাঘৰ সাজি নিশা সমিলমিলেৰে এসাঁজ আনন্দেৰ খাদ্য গ্ৰহণ কৰে । উল্লেখ্য যে পুহ মাহতেই চহা কৃষকে ধান, মাহ-শস্য চপাই নিজৰ ভঁৰাল ভৰায় ।

তাৰ পিচত কৃষিকৰ্ম সমাপ্ত কৰি এই ভোগৰ উৎসৱ অতীজৰে পৰা পৰম্পৰাগতভাৱে পালন কৰি আহিছে অসমীয়াই । এইবাৰো তাৰ ব্যতিক্ৰম নহয় । ভোগালী বিহুৰ পৰম্পৰা ৰক্ষা কৰি সোমবাৰে পুৱাতে ৰাজ্যৰ ভিন্ন প্ৰান্তত মেজি জ্বলালে অসমীয়াই । আনহাতে, গাখীৰ-দৈ, গুৰৰ সৈতে জলপানৰ জুতি ল'লে অসমীয়া ৰাইজে ।

অসমীয়া জীয়াৰী-বোৱাৰীয়ে নিজে প্ৰস্তুত কৰা পিঠা-পনাৰে চুবুৰীয়াক আপ্যায়ণ কৰে । পুৰণি ৰীতি-নীতিৰে সৰুপথাৰতো মেজি জ্বলাই অনুষ্ঠিত কৰে পৰম্পৰাগত টেকেলি ভঙা খেল । পুৱা নামঘৰত শৰাই আগবঢ়াই ৰাইজৰ কুশল কামনাৰে সেৱা লয় ভকতসকলে । আহোম ৰজাৰ দিনৰ পৰাই বিভিন্ন পৰম্পৰাগত খেল অনুষ্ঠিত কৰাৰ সুকীয়া মৰ্যাদা আছে ভোগালী বিহুত ।

অৱশ্যে পূৰ্বতে অনুষ্ঠিত হৈছিল বিভিন্ন চৰাই-চিৰিকটিৰ খেল; মল্লযুঁজ, বুলবুলি চৰাইৰ যুঁজ, কুকুৰা যুঁজ আদি । এতিয়া সেইবোৰ সময়ৰ গতিত বিলুপ্ত হোৱাৰ পথত ।

লগতে পঢ়ক :পৰম্পৰা ৰক্ষা কৰি মৰাণত মন্ত্ৰী যোগেন মহনে প্ৰজ্বলন কৰিলে মেজি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.