পৰম্পৰা ৰক্ষা কৰি মৰাণত মন্ত্ৰী যোগেন মহনে প্ৰজ্বলন কৰিলে মেজি

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 7:15 PM IST

thumbnail

মৰাণ, 15 জানুৱাৰী : ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়া ভোগালী বিহুৰ আনন্দ ৷ সোমবাৰে পুৱাই মেজি প্ৰজ্বলন কৰি অগ্নি সেৱা কৰে সকলোৱে ৷ ইফালে মাঘ বিহুৰ পুৱাই ৰাজ্যৰ মন্ত্ৰী-বিধায়ক সকলকো পৰম্পৰা ৰক্ষাৰে মেজি প্ৰজ্বলন কৰা দেখা গ’ল ৷  

ভোগালী বিহুৰ পৰম্পৰা ৰক্ষা কৰি আজি চৰাইদেউ জিলাৰ মৰাণহাটত পুৱাই নিজ বাসগৃহৰ চৌহদত মেজি প্ৰজ্বলন কৰে অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনে ৷ পুৱা সপত্নীক মন্ত্ৰীজনে গুৱাপান, অৰিহণা আগবঢ়াই পৰম্পৰা অনুসৰি সেৱা জনাই মেজিত অগ্নি সংযোগ কৰে ৷

বিহুৰ দিনটোত মাহমৰা সমষ্টিবাসীৰ লগতে অসমবাসীলৈ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি মন্ত্ৰীজনে মেজিৰ জুয়ে সমাজৰ অসূয়া-অপ্ৰীতি নাশ কৰি সমাজলৈ শান্তি-সম্প্ৰীতি কঢ়িয়াই আনিব বুলি আশা ব্যক্ত কৰে ৷ 
 
লগতে পঢ়ক : অসমবাসীলৈ বিধায়ক ফণীভূষণ চৌধুৰীৰ বিহুৰ শুভেচ্ছা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.