ETV Bharat / sports

বিশ্বকাপত ভাৰতীয় মহিলা কম্পাউণ্ড আৰ্চাৰী দলৰ স্বৰ্ণ পদক - Archery World Cup 2024

author img

By ETV Bharat Sports Team

Published : May 25, 2024, 1:30 PM IST

Archery World Cup 2024 : জ্যোতি সুৰেখা ভেন্নাম, পৰণীত কৌৰ আৰু অদিতি স্বামীৰে গঠিত ভাৰতীয় মহিলা দলটোৱে দক্ষিণ কোৰিয়াৰ য়েচেঅ'নত অনুষ্ঠিত ফাইনেলত তুৰ্কীৰ ওপৰত আধিপত্য বিস্তাৰ কৰি একেৰাহে তৃতীয়বাৰ আৰ্চাৰী বিশ্বকাপৰ স্বৰ্ণ পদক অৰ্জন কৰে । ইয়াৰ উপৰি মিশ্ৰিত দলটোৱে বিশ্ব মঞ্চত দপদপনি অব্যাহত ৰাখি ৰূপৰ পদক লাভ কৰে ।

Archery World Cup 2024
স্বৰ্ণ পদক বিজয়া দলটো (ETV Bharat)

স্পৰ্টছ ডেস্ক, ২৫ মে' : দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে আন এক ভাল খবৰ । বিশ্ব ক্ৰীড়া মঞ্চত পুনৰ উজলি উঠিছে দেশৰ তিনিগৰাকী ক্ৰীড়াবিদ । জ্যোতি সুৰেখা ভেন্নাম, পৰনীত কৌৰ আৰু অদিতি স্বামীৰে গঠিত ভাৰতীয় মহিলা কম্পাউণ্ড দলটোৱে ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে আৰ্চাৰী বিশ্বকাপৰ স্বৰ্ণ পদক দখল কৰে । আনহাতে, মিশ্ৰিত দলটোৱে দ্বিতীয় পৰ্যায়ৰ প্ৰতিযোগিতাত শনিবাৰে ৰূপৰ পদক লাভ কৰে ।

বিশ্বৰ এক নম্বৰ স্থানৰ ভাৰতীয় কম্পাউণ্ড মহিলা দলটোৱে আৰম্ভণিৰে পৰাই তুৰ্কীৰ হাজাল বুৰুন, আইচে বেৰা ছুজাৰ আৰু বেগম যুৱাৰ ওপৰত আধিপত্য বিস্তাৰ কৰি এটাও ছেট নেহেৰুৱাকৈ সোণৰ পদক নিশ্চিত কৰে । ফাইনেলত ছয় পইণ্টৰ ব্যৱধানত (২৩২-২২৬) ভাৰতীয় দলটোৱে স্বৰ্ণ পদক দখল কৰে ।

অৱশ্যে এছিয়ান গেমছৰ চেম্পিয়ন জ্যোতিয়ে তেওঁৰ পদকৰ জোলোঙাত দ্বিতীয়টো স্বৰ্ণ পদক ভৰোৱাত ব্যৰ্থ হয় । তেওঁ প্ৰিয়াংশৰ সৈতে প্ৰাৰম্ভিক ৰাউণ্ডৰ অগ্ৰগতিৰ লাভ উঠাব নোৱাৰি কম্পাউণ্ড মিক্সড দলৰ ফাইনেলত আমেৰিকাৰ অলিভিয়া ডিন আৰু চৱেৰ ছুলিভানৰ ওচৰত দুই পইণ্টৰ (১৫৫-১৫৩) ব্যৱধানত পৰাস্ত হয় ।

উল্লেখ্য যে, জ্যোতি, পৰনীত আৰু বিশ্ব চেম্পিয়ন অদিতিয়ে একেলগে বিশ্বকাপৰ সোণৰ পদকৰ হেট্ৰিক অৰ্জন কৰে । তেওঁলোকে ছাংহাইত বছৰটোৰ আৰম্ভণিৰ বিশ্বকাপ প্ৰথম পৰ্যায় জয় কৰিছিল । আনহাতে, যোৱা বছৰ পেৰিছত অনুষ্ঠিত এই ইভেণ্টৰ চতুৰ্থ পৰ্যায়ত স্বৰ্ণ পদকেৰে বছৰটো সমাপ্ত কৰিছিল ।

বিশ্বকাপৰ এই সংস্কৰণত কম্পাউণ্ড শ্ৰেণীৰ পৰা তৃতীয়টো পদকো আশা কৰা হৈছে । ইয়াত প্ৰথমেশ ফুগেয়ে প্ৰথম ব্যক্তিগত বিশ্বকাপ পদকৰ দৌৰত আগবাঢ়িছে । তেওঁ ২০২১ চনৰ বিশ্ব চেম্পিয়ন তথা বিশ্বৰ ষষ্ঠ স্থানৰ অষ্ট্ৰিয়াৰ নিকো ৱিনাৰক কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত কৰে । এতিয়া তেওঁ প্ৰথম ব্যক্তিগত বিশ্বকাপ পদকৰ বাবে বিশ্বৰ সপ্ত স্থানৰ জেমছ লুট্জৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । ফুগে ছাংহাইত সোণৰ পদক বিজয়ী পুৰুষ দলটোৰ সদস্য আছিল ।

লগতে পঢ়ক :আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়: ছেমি ফাইনেলত ভাৰতীয় তাৰকা ধনুৰ্বিদ দীপিকা কুমাৰী - Archery World Cup Stage 2
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.