ETV Bharat / sports

আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়: ছেমি ফাইনেলত ভাৰতীয় তাৰকা ধনুৰ্বিদ দীপিকা কুমাৰী - Archery World Cup Stage 2

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 7:40 PM IST

Archery World Cup : ভাৰতৰ তাৰকা ধনুৰ্বিদ দীপিকা কুমাৰীয়ে শুকুৰবাৰে তুৰ্কীৰ বেৰা এলিফ গক্কিৰক পৰাস্ত কৰি আৰ্চাৰী বিশ্বকাপৰ ছেমি ফাইনেলত উপনীত হয় । প্ৰতিযোগিতাখনত চতুৰ্থ স্থান লাভ কৰা দীপিকাই এতিয়ালৈকে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ।

Archery World Cup
দীপিকা কুমাৰী (IANS Photo)

স্পৰ্টছ ডেস্ক, ২৪ মে' : ভাৰতৰ তাৰকা ধনুৰ্বিদ দীপিকা কুমাৰীয়ে আৰ্চাৰী বিশ্বকাপত নিজৰ উজ্জীৱিত প্ৰদৰ্শনেৰে প্ৰতিযোগিতাখনত পদকৰ দৌৰ অব্যাহত ৰাখিছে । শুকুৰবাৰে তেওঁ তুৰ্কীৰ বেৰা এলিফ গক্কিৰৰ বিৰুদ্ধে জয়লাভ কৰি প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে ।

চূড়ান্ত পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা তেওঁ হৈছে ভাৰতৰ একমাত্ৰ ৰিকাৰ্ভ আৰ্চাৰ । ২৯ বছৰীয়া খেলুৱৈগৰাকীয়ে চলিত সপ্তাহৰ আৰম্ভণিতে এলিমিনেচন ৰাউণ্ডত চতুৰ্থ স্থান লাভ কৰে । প্ৰতিযোগিতাখন শ্বুট-অফলৈ গতি কৰাৰ বাবে শ্লোভেনিয়াৰ টিঙ্কাৰা কাৰ্ডিনাৰৰ বিৰুদ্ধে প্ৰথম ৰাউণ্ডত দীপিকাই প্ৰাৰম্ভিক অৱস্থাত ভীতিগ্ৰস্ত হ'বলগা হৈছিল । অৱশ্যে তেওঁ শ্বুট-অফত টিঙ্কাৰৰ 8-ৰিং কাঁড়ৰ বিপৰীতে 9-ৰিং কাঁড়েৰে প্ৰতিযোগিতাখনত জয়লাভ কৰে ।

তুৰ্কীৰ প্ৰতিদ্বন্দ্বীগৰাকীৰ বিৰুদ্ধে দীপিকাই প্ৰথম ছেটত ৯ ৰ তিনিটা স্ক'ৰৰ সৈতে নিখুঁতভাৱে নিজৰ প্ৰদৰ্শন কৰে । দ্বিতীয় ছেটটো দুয়োগৰাকী আৰ্চাৰে ২৭ পইণ্টেৰে টাইত সমাপ্ত কৰে । ভাৰতীয় আৰ্চাৰগৰাকীয়ে তৃতীয় ছেটটো সামান্য ব্যৱধানত জয়লাভ কৰে । কিন্তু তেওঁৰ প্ৰতিদ্বন্দ্বীগৰাকীয়ে চতুৰ্থ ছেটত জয়েৰে প্ৰত্যাৱৰ্তন কৰে । মেচখনৰ পঞ্চম আৰু অন্তিম ছেটটো টাইত সমাপ্ত হয় আৰু তুৰ্কীৰ প্ৰতিদ্বন্দ্বীগৰাকীয়ে প্ৰতিযোগিতাখনত প্ৰত্যাৱৰ্তন কৰাত ব্যৰ্থ হয় ।

ইফালে আন এগৰাকী ভাৰতীয় ধনুৰ্বিদ অংকিতা ভকতে ৩২ ৰাউণ্ডত স্পেইনৰ এলিয়া কেনেলছৰ হাতত ৪-৬ ব্যৱধানত পৰাস্ত হয় । অৱশ্যে মেচখনৰ প্ৰথম দুটা ছেটৰ পিছত তেওঁ ৪-০ ব্যৱধানত আগবাঢ়ি আছিল ।

আনহাতে, পুৰুষৰ ৰিকাৰ্ভ শ্ৰেণীত ভাৰতীয় ধনুৰ্বিদসকলে হতাশাজনক প্ৰদৰ্শন কৰে । দলটোৰ কোনোৱে দ্বিতীয় ৰাউণ্ডৰ পৰা আগবাঢ়িব নোৱাৰিলে । ধীৰাজ বুমৰাহ আৰু প্ৰবীণ যাদৱে তেওঁলোকৰ নিজ নিজ মেচত দ্বিতীয় ৰাউণ্ডত পৰাস্ত হয় ।

লগতে পঢ়ক :মালয়েছিয়া মাষ্টাৰ্ছ ২০২৪ৰ ছেমিফাইনেলত পিভি সিন্ধু, কোৱাৰ্টাৰত স্তব্ধ অসমৰ অস্মিতা - Malaysia Masters 2024
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.