সংকটত চাহ উদ্যোগ; বটলিফ ফেক্টৰীৰ সিদ্বান্তত ক্ষুব্ধ ক্ষুদ্ৰ চাহ খেতিয়ক - Shut down tea leaf factories
Tinsukia small tea growers : তিনিচুকীয়াৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা বটলিফ ফেক্টৰীয়ে কেঁচা চাহপাত নোলোৱা সিদ্বান্তত ক্ষুব্ধ ক্ষুদ্ৰ চাহ খেতিয়ক ৷ ক্ষুদ্ৰ চাহ খেতিয়কৰ আন্দোলনৰ হুংকাৰ ৷

Published : May 25, 2024 at 12:41 PM IST
তিনিচুকীয়া, 25 মে’ : তিনিচুকীয়া জিলাত ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত নলয় বটলিফ ফেক্টৰীয়ে ৷ অহা 1 জুনৰ পৰা তিনিচুকীয়া জিলাৰ বটলিফ ফেক্টৰীসমূহে জিলাখনৰ কেঁচা চাহপাত গ্ৰহণ নকৰিলে 2 জুনৰ পৰা ধাৰাবাহিক আন্দোলনৰ হুংকাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ ৷ বটলিফ ফেক্টৰীৰ মালিক তথা চৰকাৰ, প্ৰশাসনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে তিনিচুকীয়া জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা ৷
2013 চনৰে পৰা ভাৰতীয় টি বৰ্ডৰ অনুৰোধ মৰ্মে বিশেষ 6 বিধ ৰাসায়নিক ঔষধ জিলাখনৰ খেতিয়কে প্ৰয়োগ কৰা নাই যদিও সেই ঔষধসমূহ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাগানত আজিও প্ৰয়োগ কৰি আছে বুলি অজুহাত দেখুৱাই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পাত লোৱাতো বন্ধ কৰি ৰাখিছে বটলিক ফেক্টৰীসমূহে ৷
বটলিফ ফেক্টৰীসমূহে যদিও অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পাত লোৱা বন্ধ ৰাখিছে, তথাপি কিন্তু বহিঃৰাজ্যৰ পৰা অহা কেঁচা চাহপাতসমূহ তেওঁলোকে আজিও লৈয়ে আছে বুলি ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই জানিবলৈ দিছে ৷ সেয়ে এইক্ষেত্ৰত সৰৱ হৈ পৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ নেতৃত্ব ৷ সংগঠনটোৱে বহিঃৰাজ্য অৰুণাচলৰ পৰা অহা কেঁচা চাহপাতসমূহ ফেক্টৰীত লোৱা বন্ধ কৰিবলৈ চৰকাৰ, জিলা প্ৰশাসনক আহ্বান জনাইছে ৷
উল্লেখ্য যে, অসমৰ চাহপাত জগত বিখ্যাত ৷ অসমৰ চাহ উদ্যোগটোৱে ৰাজ্যখনৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহাৰ লগতে এই চাহে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰদান কৰি আহিছে সুকীয়া পৰিচয় ৷ দুৰ্ভাগ্যজনক বিষয় যে দেশৰ, ৰাজ্যৰ অৰ্থনীতিত সুকীয়া ভূমিকা গ্ৰহণ কৰা চাহ উদ্যোগটো সম্প্ৰতি নানানটা সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰাৰ পিচতো চৰকাৰ তথা বিভাগীয় মন্ত্ৰীয়ে ইয়াত কোনো বিশেষ ভূমিকা পালন কৰা পৰিলক্ষিত হোৱা নাই ৷

