Congress MLA press meet : কৰ্ণাটক নিৰ্বাচনত কংগ্ৰেছ দলে লাভ কৰিব অভূতপূৰ্ব সফলতা : বিধায়ক কমলাক্ষ

By

Published : Apr 25, 2023, 7:16 AM IST

thumbnail

কৰিমগঞ্জ, 25 এপ্ৰিল : সোমবাৰে  প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই এক সংবাদমেলৰ আয়োজন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে শাসকীয় দলটোক তীব্ৰ কটাক্ষ কৰে ৷ একে সময়তে ৰাজ্যৰ ৰাজনীতিত বিশেষ চৰ্চা লাভ কৰা অংকিতা দত্ত প্ৰসংগটো মন্তব্য আগবঢ়ায় বিধায়কগৰাকীয়ে ৷ প্ৰাক্তন যুৱ কংগ্ৰেছ নেত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰা বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে (Congress MLA slams BJP)।

ইয়াৰোপৰি বিজেপি দলৰ এগৰাকী বিজেপি বিধায়কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হোৱাৰ পিচতো মুখ্যমন্ত্ৰী তথা শাসকীয় দলটোৱে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে বুলি মন্তব্য কৰাৰৰ লগতে এই সন্দৰ্ভত বিজেপি দলে তেওঁক কক্ষণাবেক্ষণহে দিবলৈহে যত্ন কৰিলে বুলি গুৰুতৰ অভিযোগ তোলে ৷ লগে লগে বিধায়কগৰাকীয়ে উক্ত কিশোৰীগৰাকী অসমৰ নহয় নেকি বুলিও ৰাজ্য চৰকাৰখনলৈ প্ৰশ্ন উত্থাপন কৰে ৷ নিজৰ দলতকৈ দিনৰ দিনটো কংগ্ৰেছ দলকলৈহে মুখ্যমন্ত্ৰীগৰাকী ব্যস্ত থাকে বুলি মুখ্যমন্ত্ৰী ড৹ শৰ্মাক কটাক্ষ কৰে বিধায়কগৰাকীয়ে (Kamalakhya Dey Purkayastha on Angkita Dutta)। 

সমাগত কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে অংকিতা দত্তৰ ইচ্ছ্যুটো ব্যৱহাৰ কৰিছে বুলিও তেওঁ অভিযোগ তোলে । অংকিতা দত্তৰ গোচৰটো ৰাজনৈতিক ষড়যন্ত্ৰ বুলি দাবী কৰি কমলাক্ষই আচলতে ৰাজনৈতিক মুনাফা আদায়ৰ স্বাৰ্থতহে বিজেপিয়ে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ তুলিছে বুলি কয় বিধায়কগৰাকীয়ে । সমাগত কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে অভূতপূৰ্ব সফলতা লাভ কৰিব বুলি সোমবাৰৰ সংবাদমেলত দাবী কৰে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই (Karnataka election 2023) ৷

লগতে পঢ়ক : Angkita Dutta updates: বিজেপিলৈ নাযায় অংকিতা, আইনী যুঁজ চলাই যোৱাৰ অংগীকাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.