ETV Bharat / state

Angkita Dutta updates: বিজেপিলৈ নাযায় অংকিতা, আইনী যুঁজ চলাই যোৱাৰ অংগীকাৰ

author img

By

Published : Apr 24, 2023, 7:45 PM IST

গেৰুৱা বসন পৰিধান নকৰে কংগ্ৰেছৰ পৰা বহিষ্কাৰ হোৱা অংকিতা দত্তই (Angkita Dutta controversy) ৷ কংগ্ৰেছৰ পৰা বহিষ্কাৰ হোৱাৰ পিচত প্ৰথবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ মুখ খুলিছে অংকিতাই (Angkita Dutta press meet) ৷ দলৰ একাংশ নেতাই তেওঁক ভুল বুজাৰ বাবেহে দলৰ পৰা তেওঁ বহিষ্কৃত হ’ব লগা হ’ল বুলি উল্লেখ কৰে অংকিতাই (AYCP Angkita Dutta expelled)৷

Angkita Dutta press meet
গেৰুৱা বসন পৰিধান নকৰে কংগ্ৰেছৰ পৰা বহিষ্কাৰ হোৱা অংকিতা দত্তই

গেৰুৱা বসন পৰিধান নকৰে কংগ্ৰেছৰ পৰা বহিষ্কাৰ হোৱা অংকিতা দত্তই

গুৱাহাটী, ২৪ এপ্ৰিল : বিজেপিত যোগদান নকৰে কংগ্ৰেছৰ পৰা ৬ বছৰৰ বাবে বহিষ্কৃত হোৱা অংকিতা দত্তই ৷ শ্ৰীনিবাসৰ নিৰ্যাতনৰ বিৰুদ্ধে নিজৰ আইনী যুঁজখন চলাই যোৱাৰ অংগীকাৰ অংকিতাৰ (Angkita Dutta controversy) ৷ কংগ্ৰেছৰ পৰা বহিষ্কাৰ হোৱাৰ পিচত পোন প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে মুখ খুলি সোমবাৰে এই কথা স্পষ্ট কৰিছে অংকিতা দত্তই (Angkita Dutta press meet) ৷

যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ তুলি গোচৰ দাখিল কৰি বহিষ্কাৰ হ’বলগীয়া হোৱা অংকিতাই সোমবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি নিজৰ স্থিতি স্পষ্ট কৰে ৷ “দৰকাৰ পৰিলে নাৰীয়ে কেতিয়াবা দুৰ্গাৰ ৰূপ ধৰিবলগীয়া হয় ৷ আমাৰ সমাজ ব্যৱস্থা এনেকুৱাও হয়, অন্যায় আৰু বঞ্চনাৰ বিৰুদ্ধে মাত মাতিলে প্ৰশ্নৰ সন্মুখীন হ’ব লগা হয় নাৰী ৷” অংকিতাই কয় (Angkita Dutta latest news) ৷

নিজৰ বহিষ্কাৰৰ প্ৰসংগত অংকিতা দত্তই কয়, “কংগ্ৰেছে মোক বহিষ্কাৰ কৰিছে ৷ এই সিদ্ধান্তই মোক আঘাত দিছে ৷ মই আমাৰ পৰিয়ালৰ চতুৰ্থ পুৰুষৰ কংগ্ৰেছী ৷ সেয়ে দায়িত্ব মই বুজি পাওঁ ৷ দলৰ একাংশই মোক ভুল বুজিছে ৷ একাংশ নেতাই মোক ভুল বুজিছে ৷ এতিয়াও মই আমাৰ দল বুলিয়েই কওঁ’’ (AYCP Angkita Dutta expelled)।

এই সংবাদমেলতে অংকিতাই দাবী কৰে যে, কিছুদিনৰ পিচত দলে নিজে অনুভৱ কৰিব তেওঁ উত্থাপন কৰা বিষয়টোৰ কিমান সত্যতা আছে ৷ শ্ৰীনিবাসৰ ওপৰত তৰা গোচৰ প্ৰসংগত তেওঁ দলৰ ওপৰত নহয়, ব্যক্তিৰ ওপৰতহে গোচৰটো তৰাৰ কথা প্ৰকাশ কৰে ৷ তেওঁৰ বিৰুদ্ধে বিজেপিত যোগদান কৰিব বুলি যি চৰ্চা চলিছে, সেয়া প্ৰত্যাখ্যান কৰিছে অংকিতাই ৷

অংকিতাৰ মন্তব্য, “মই বিজেপিত যোগদান নকৰো ৷ কিন্তু আইনী যুঁজ চলাই যাম ৷ ন্যায়ৰ বাবে অপেক্ষা কৰিম ৷ বিষয়টো ৰাজনীতিকৰণ কৰাৰ বাবে মই দুখ পাইছো ৷ কৰ্ণাটকৰ নিৰ্বাচনৰ সৈতে মোৰ কোন সম্পৰ্ক নাই’’ ৷ লগতে তেওঁ কয় যে, সত্যক হাৰাশাস্তি কৰিব পাৰি ৷ কিন্তু পৰাস্ত কৰিব নোৱাৰি ৷

অংকিত দত্তই লগতে নিজৰ দলৰ অসমৰ একাংশ নেতাৰ বিৰুদ্ধে সৰৱ হৈ পৰি কয়, “মোৰ নিজৰ যোগ্যতাৰ বলতে মই IYC ৰ নিৰ্বাচন জিকিছিলো ৷ দলৰ কোনো উচ্চপদস্থ জ্যেষ্ঠ নেতাই মোক সহায় কৰা নাছিল নিৰ্বাচন জিকিবলৈ’’ ৷ ইফালে অংকিতাৰ বিৰুদ্ধে শ্ৰীনিবাস আৰু একাংশ কংগ্ৰেছীৰ অভিযোগ যে সাৰদা গোচৰৰ পৰা বাচিবলৈকে বিজেপিত যোগদান কৰাৰ উদ্দেশ্যৰে অংকিতাই এই কৰ্মৰ আশ্ৰয় লৈছে (Angkita Dutta will not joining BJP) ৷

তাৰ প্ৰত্যুত্তৰত অংকিতাই কয় যে, সাৰদা ৰিয়িলিটিৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই ৷ সাৰদা প্ৰিণ্টিং এণ্ড পাব্লিছিঙৰ লগতহে আছিল লেন-দেন ৷ এয়া আছিল সম্পূৰ্ণ ব্যৱসায়িক লেন-দেন ৷ এই সম্পৰ্কীয় সকলো নথি-পত্ৰ ইতিমধ্য ইডিক দাখিল কৰাৰ কৰাৰ কথাও অংকিতা দত্তই উল্লেখ কৰে ৷

লগতে পুনৰ এবাৰ শ্ৰীনিবাসৰ বিৰুদ্ধে সংবাদমেলত সৰৱ হৈ পৰে অংকিতা দত্ত ৷ অংকিতাই অভিযোগ কৰে যে, নিজৰ পেইড ছ’চিয়েল মিডিয়াৰ যোগেদি পুনৰ এবাৰ অংকিতাক সামাজিকভাৱে হেয় কৰিবলৈ অপচেষ্টা চলাই আহিছে ৷

লগতে পঢ়ক : Angkita Dutta updates: কোন দিশে অংকিতা দত্তৰ ৰাজনৈতিক ভৱিষ্যৎ; ৰাজ্যত চলিছে সৰৱ চৰ্চা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.