Jorhat specially abled boy news: জীয়াব জানিলেই জীৱন ধুনীয়া; তাৰেই জলন্ত উদাহৰণ যোৰহাটৰ আশীষ

By

Published : May 26, 2023, 10:30 PM IST

Updated : May 27, 2023, 7:16 AM IST

thumbnail

যোৰহাট, 26 মে’: যোৰহাটৰ এগৰাকী ছাত্ৰই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ লোকে লোকাৰণ্য হৈ পৰিছে ছাত্ৰজনৰ ঘৰ ৷ ঘৰলৈ আহিব নোৱাৰাসকলে ফোনযোগেৰেই আশীৰ্বাদ ও শুভেচ্ছা যাঁচিছে ৷ মুঠতে সকলোৱে এবাৰ লগ পাব বিচাৰিছে আশীষক ৷ কিয় ইমান চৰ্চালৈ আহিছে আশীষ ? কি বিশেষ কৰ্মেৰে সকলোকে মুহিলে আশীষে ?

দৰাচলতে আশীষ হ’ল বিশেষভাৱে সক্ষম এজন কিশোৰ, সম্পূৰ্ণ নাম আশীষ অনয়ন শইকীয়া ৷ হুইল চেয়াৰতে প্ৰতিটো দিন কটাই আশীষে ৷ তেনেকৈয়ে স্কুল অহা-যোৱা কৰে তেওঁ ৷ দৈনিক পিতৃ-মাতৃয়ে অটোত গাত ধৰি তেওঁক অনা-নিয়া কৰে স্কুললৈ (specially abled boy from Jorhat) ৷ স্কুলৰ গেটৰ মুখতে সহপাঠীয়ে হুইল চেয়াৰত বহুৱাই শ্ৰেণীকোঠালৈ লৈ যায় আশীষক ৷ ইমান মৰমৰ আশীষ সকলোৰে ৷ সেই আশীষে এইবাৰ ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৰা ফলাফলে সকলোকে আনন্দত আত্মহাৰা কৰি তোলে (hslc result 2023) ৷

বিশেষভাৱে সক্ষম ছাত্ৰ আশীষ অনয়ন শইকীয়াই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৭.৮৩ শতাংশ নম্বৰ লাভ কৰি সৰ্বত্ৰে চৰ্চা লাভ কৰিছে  । উত্তৰ যোৰহাটৰ কমাৰমাটি গাঁৱৰ আশীষক চাৰিওফালৰ পৰা সকলোৱে দিছে শুভেচ্ছা । শাৰীৰিকভাৱে চলাচলত সম্পূৰ্ণ অক্ষম আশীষ অনয়ন শইকীয়া ৷  যোৰহাট বাল্যভৱনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ সমাজ বিজ্ঞান (৯৭), বিজ্ঞান (৯৪), ইংৰাজী (৯৪), গণিত (৮৭), ভূগোলত (৮৫) লেটাৰমাৰ্কসহ সুখ্যাতিৰে উত্তীৰ্ণ হয় তেওঁ ৷ অসমীয়াত লাভ কৰে ৭০ নম্বৰ ৷

বহু প্ৰতিকূলতা আৰু কষ্ট মাজেৰে এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে আশীষ অনয়ন শইকীয়াৰ লগতে তেওঁৰ পিতৃ-মাতৃয়ে (Jorhat specially abled boy news)। ভৱিষ্যতে এজন প্ৰশাসনিক বিষয়া হোৱাৰ আশা পুহি ৰখা আশীষে কিদৰে কষ্ট কৰিছিল শুনক তেওঁৰ আৰু তেওঁৰ মাতৃৰ মুখেৰেই-

লগতে পঢ়ক : Suicide at Bogibeel bridge: বগীবিল দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ ছাত্ৰৰ

Last Updated : May 27, 2023, 7:16 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.