Suicide at Bogibeel bridge: বগীবিল দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ ছাত্ৰৰ

By

Published : May 26, 2023, 5:44 PM IST

thumbnail

ডিব্ৰুগড়, 26 মে’: ডিব্ৰুগড়ৰ বগীবিল দলঙত চাঞ্চল্যকৰ ঘটনা (Suicide at Bogibeel bridge)  ৷ বগীবিল দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা ছাত্ৰৰ ৷ ব্ৰহ্মপুত্ৰত জাঁপ দিয়া ছাত্ৰজন তিনিচুকীয়া জিলাৰ ডিগবৈ গুপ্তাকুটীৰ নিবাসী অনিকেত দত্ত গুপ্তা (19) বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি অনিকেত অৰুণাচল প্ৰদেশৰ নিৰজুলীত থকা এখন প্ৰতিষ্ঠানৰ কম্পিউটাৰ বিভাগৰ তৃতীয় বৰ্ষৰ ছাত্ৰ আছিল বুলি জানিব পৰা গৈছে (Student suicide at Bogibeel bridge) ৷

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিছে এটা ম’বাইল ফোন, লেপটপ আৰু মানিবেগৰ পৰা নগদ 3 হাজাৰ 500 টকা ৷ ইফালে, ছাত্ৰজনৰ সন্ধানত SDRF বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷  আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব ছাত্ৰজনে এই সিদ্ধান্ত লোৱাৰ কাৰণ ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৷

লগতে পঢ়ক: Manipur crisis update: ইম্ফল ইষ্টত কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিঙৰ বাসগৃহ আক্ৰমণ প্ৰতিবাদকাৰীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.