ইউপিপিএল এৰি বিপিএফত যোগদানৰ বাতৰি অস্বীকাৰ প্ৰমোদ বড়ো বাহিনীৰ

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 8:51 PM IST

thumbnail

বাক্সা, ১৯ ডিচেম্বৰ: বিটিআৰত এতিয়া বিপিএফ আৰু ইউপিপিএলৰ মাজত চলিছে যোগদানৰ প্ৰতিযোগিতা । কোনোবাই যদি বিপিএফ এৰিছে ,আন একাংশই আকৌ যোগ দিছে ইউপিপিএলত । ইয়াৰ মাজতেই  ইজনৰ পিছত সিজন নেতাই ইউপিপিএল দল এৰি বিপিএফত যোগদানক লৈ আৰম্ভ হৈছে চৰ্চা । এই সন্দৰ্ভত আজি বাক্সাৰ শালবাৰীত এক সংবাদমেল সম্বোধন কৰে শালবাৰী জিলা ইউ পি পি এল দলে । এই সংবাদমেলত বিপিএফ দলক তীব্ৰ সমালোচনা কৰে শালবাৰী জিলা ইউ পি পি এলৰ নেতৃবৃন্দই ।

সংবাদমেলত জিলা সভাপতি বিকোন গয়াৰীয়ে কয় যে ইউপিপিএল দলৰ পৰা এৰি বিপিএফ দলত যোগদান কৰা বুলি প্ৰচাৰ হোৱাটো একেবাৰে মিছা কথা ৷ তেওঁলোক ইউপিপিএল দলৰ সদস্য নাছিল বুলিও তেওঁ কয় ৷ গয়াৰীয়ে লগতে কয় যে বিপিএফ দলৰ একাংশ নেতাই প্ৰমোদ বড়োক সমালোচনা কৰাটো গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰি বিটিআৰৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে । এই সংবাদমেলখনত  উপস্থিত থাকে টি চি এল চি চি অধ্যক্ষ বিনোদ মুছাহাৰী ।

লগতে পঢ়ক:কোন দলৰ চৰকাৰে দেশক লুণ্ঠন কৰিছে সেয়া জনতাই দেখিছে : ৰাম মাধৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.