কোন দলৰ চৰকাৰে দেশক লুণ্ঠন কৰিছে সেয়া জনতাই দেখিছে : ৰাম মাধৱ

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 5:20 PM IST

thumbnail

গুৱাহাটী, ১৯ ডিচেম্বৰ : ‘‘কোন দলৰ চৰকাৰে দেশক লুণ্ঠন কৰিছে, কোনে ৰাইজৰ পৰা ধন বিচাৰি আছে, সেয়া জনতাই দেখিছে । বিগত দহ বছৰত হোৱা কামৰ আধাৰত জনতাই ভোট দিব আগন্তুক লোকসভা নিৰ্বাচনত । জাতি নাইবা মিত্ৰজোঁটৰ আধাৰত ৰাইজে বিবেচনা নকৰে । ২০২৪ ত বিগত নিৰ্বাচনসমূহতকৈ বিজেপিৰ ফলাফল ভাল হ’ব’’ । এই মন্তব্য RSS নেতা ৰাম মাধৱৰ ৷

লগতে তেওঁ কয়, ‘‘অসমত মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকৈ বিজেপিয়ে আসন লাভ কৰিব । মই অসমৰ সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত আছিলো ৷ গতিকে মই ইয়াৰ MOOD টো জানো । সমগ্ৰ দেশত এতিয়া নৰেন্দ্ৰ মোদীৰ নেতৃত্বক লৈ ধণাত্মক পৰিৱেশে বিৰাজ কৰি আছে’’ ।

উল্লেখ্য যে, লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে কঁকালত টঙালি বান্ধিছে শাসকীয় দল ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিয়ে । শেহতীয়াভাৱে পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ ভাল ফল দেখুৱাৰ পিচত আৰু অধিক আত্মবিশ্বাসী হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টী । আগন্তুক নিৰ্বাচন সন্দৰ্ভত গুৱাহাটীত মঙলবাৰে আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি বিজেপি তথা RSS ৰ নেতা ৰাম মাধৱে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

লগতে পঢ়ক : লোকসভা নিৰ্বাচনত অধিক শক্তিশালী ৰূপত কাম কৰিব BJP য়ে: ৰণোজ পেগু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.