হাতী-মানুহৰ সংঘাত ৰোধৰ কাম আমিয়েই কৰিব লাগিব- অৰণ্য মানৱ

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 1:16 PM IST

thumbnail

চামগুৰি, 28 নৱেম্বৰ : আৰম্ভ হৈ গ’ল ৰাস ৷ ৰাজ্যৰ ৰাসস্থলীসমূহত উখল-মাখল পৰিৱেশ ৷ ৰাসপ্ৰেমী ভক্তগণৰ আগমন তথা ৰাস বন্দনাৰে সকলোতে বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশে ৷ ভিৰ দেখি মন প্ৰফুল্লিত হৈ পৰিছে ৰাসৰ আয়োজকসকলৰ ৷ তাৰ মাজতে জাগৰণ সচেতন নাগৰিক মঞ্চই ল’লে এক প্ৰশংসনীয় পদক্ষেপ ৷ গোটেই ধৰণীখনকে সেউজ ৰঙেৰে আবৃত কৰিব বিচৰা অৰণ্য মানৱক তেওঁৰ কৰ্মৰাজিৰ বাবে জনালে সম্বৰ্ধনা ৷

অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙক এই বছৰৰ "অসম গৌৰৱ-২০২৩" বঁটা প্ৰদান কৰা হয় বঢ়মপুৰৰ ৰাসথলীত । সমন্বয় ৰাসৰ মঞ্চত "অৰণ্য পিতৃ" উপাধিৰে যাদৱ পায়েঙক বিভূষিত কৰিলে জাগৰণ সচেতন নাগৰিক মঞ্চই । শেহতীয়াকৈ চৰকাৰে ৰোপণ কৰা এক কোটি গছপুলিৰ মাত্ৰ ২০% হে বাচি থাকিব বুলি মন্তব্য কৰে যাদৱ পায়েঙে । অসমত মাটি নথকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, চাপৰিসমূহ সেউজীয়া কৰাৰ দায়িত্ব সকলোৰে আছে ৷ বুঢ়াচাপৰিৰ প্ৰসংগও তেওঁ টানি আনে কথাৰ মাজতে ৷ আনহাতে, হাতী-মানুহৰ সংঘাত ৰোধৰ কৰণীয় চৰকাৰৰ লগতে সাধাৰণ ৰাইজৰো আছে ৷ হাতীৰ বাবে খাদ্য ৰোপণ কৰাৰ আহ্বান জনাই তেওঁ ৷ শদিয়াৰ পৰা ধুবুৰীলৈ অসমখন সেউজীকৰণ কৰাৰ দ্বায়িত্ব গ্ৰহণ কৰিব লাগে অসমৰ দল-সংগঠনসমূহে, এই আহ্বান অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙৰ ৷

লগতে পঢ়ক : Palm oil plantation in Assam; অসমত পাম খেতি কৰাটো উচিত নহয় : অৰণ্য মানৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.