Palm oil plantation in Assam; অসমত পাম খেতি কৰাটো উচিত নহয় : অৰণ্য মানৱ

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 11:52 AM IST

thumbnail

টীয়ক, 26 আগষ্ট : ‘‘Nature is God and God is nature ৷ পাম খেতিয়ে অনাগত দিনত অসমৰ জৈৱ বৈচিত্ৰৰ ওপৰত ভাবুকি কঢ়িয়াই আনিব । এই খেতিয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলত পানীৰ পৰিমাণ হ্ৰাস কৰি পেলাব ৷ ফলত জীৱকুল জীয়াই থকাত অসুবিধাৰ সৃষ্টিৰ হ’ব’’ ৷ টীয়কত আয়োজিত এক বিশেষ অনুষ্ঠানত অংশ লৈ সাংবাদিকৰে সৈতে বাৰ্তালাপত অসম চৰকাৰে কৰিবলৈ লোৱা পাম খেতিৰ সন্দৰ্ভত এই মন্তব্য কৰে অৰণ্য মানৱ পদ্মশ্ৰী ড৹ যাদৱ পায়েঙে ৷

তেওঁ আৰু কয়, ‘‘কোনো গৱেষণা নকৰাকৈ কেৱল অৰ্থৰ বাবে এই খেতি অসমৰ বিভিন্ন জিলাত কৰাটো অনুচিত । ইতিমধ্যে শ্ৰীলংকাকে ধৰি কেইবাখনো দেশে এই খেতি কৰাৰ পৰা বিৰত আছে । সেয়ে এই ক্ষেত্ৰত অসম চৰকাৰ তথা অসমৰ অভিজ্ঞ ব্যক্তিসকলে হস্তক্ষেপ কৰাটো উচিত ৷ কিয়নো এই খেতিয়ে অসমৰ প্ৰাকৃতিক ভাৰসাম্য তথা জলবায়ুত বিশেষ প্ৰভাৱ পেলাব আৰু অনাগত দিনত অসমৰ অস্তিত্ব নাইকীয়া হ’ব’’ ৷

লগতে পঢ়ক : Palm oil plantation in Assam: পাম খেতিৰ ফলত ইন্দোনেছিয়াৰ দৰে হ'ব নেকি অসমৰ অৱস্থা; বিভিন্ন কৃষক, কৃষক সংগঠনৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.