ETV Bharat / state

Palm oil plantation in Assam: পাম খেতিৰ ফলত ইন্দোনেছিয়াৰ দৰে হ'ব নেকি অসমৰ অৱস্থা; বিভিন্ন কৃষক, কৃষক সংগঠনৰ প্ৰতিক্ৰিয়া

author img

By

Published : Aug 12, 2023, 4:36 PM IST

অসম চৰকাৰে মান খেতি কৰিবলৈ অনুমতি প্ৰদান কৰাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ বিভিন্ন দল-সংগঠনক বিৰোধিতাক উপেক্ষা কৰি ৰাজ্যবাসীৰ ভৱিষ্যত অন্ধকাৰলৈ থেলি চৰকাৰে বাবা ৰামদেৱক পাম খেতি কৰাৰ বাবে ভূমি গতাই দিলে ৷ এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন ৷

Palm oil plantation in Assam
Palm oil plantation in Assam

Palm oil plantation in Assam

গুৱাহাটী, 12 আগষ্ট: অসমত পাম খেতিৰ বাবে ৰাজ্য চৰকাৰে শেহতীয়াকৈ এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে । কিন্তু পাম খেতিক লৈ বিভিন্ন কৃষক সংগঠন আৰু বিশেষজ্ঞসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কিছুদিন পূৰ্বে তিনিচুকীয়া জিলাত অইল পাম অথবা তৈল খেজুৰৰ বৃহৎ খেতিৰ কাৰ্যসূচীৰ শুভ উদ্বোধনী অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে এই অইল পাম বা তৈল খেজুৰ খেতিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আৰম্ভ কৰা পদক্ষেপৰ দ্বাৰা অসমৰ কৃষকৰ আয় বৃদ্ধিৰ দিশত সহায়ক হ'ব । কিন্তু পাম খেতিকলৈ বিভিন্ন কৃষক সংগঠন আৰু একাংশ বিশেষজ্ঞসকলে পামখেতিয়ে অসমৰ কৃষি-সংকট তীব্ৰতৰ কৰি তোলাৰ লগতে আৰু অসমৰ পৰিৱেশ তথা জৈৱ-বৈচিত্ৰ্য ধ্বংস কৰিব বুলি মন্তব্য কৰিছে।

এই সন্দৰ্ভত কৃষি বিশেষজ্ঞ তথা কৃষক বনজিৎ হুছেইনে কয় যে ২০১৫ চনত হায়দৰাবাদৰ এটা কোম্পানীয়ে অসম, মিজোৰাম আৰু নাগালেণ্ড চৰকাৰৰ লগত পাম খেতি কৰাৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰিছিল । অসমৰ গোৱালপাৰাৰ দুধনৈ আৰু মিজোৰামত এই খেতি কৰা হৈছিল । কিন্তু সফল নহ'ল । পিছত কোম্পানীটো আঁতৰি গ'ল । পাম খেতি কৰি মিজোৰামৰ বহুত মাটি ধ্বংস কৰা হ'ল ।


আকৌ পাম খেতি গোৱালপাৰাৰ দুধনৈত সফল যে নহ'ল তাত গৈ পাম খেতি কৰি কৃষকসকলৰ অৱস্থা চালে সকলো কথা জানিব পৰা যাব । তেওঁ কয় যে পাম খেতি কৰি ইণ্ডোনেছিয়াৰ বহুত মাটি ধ্বংস কৰা হৈছে । পাম খেতিৰ বাবে বছৰ জুৰি গৰম হ'ব লাগে ।‌ কিন্তু অসমৰ জলবায়ু পাম খেতিৰ বাবে উপযোগী নহয় । যাৰ বাবে অসমত পাম খেতি সফল নহয় ।

ইপিনে অসম কৃষক সভাৰ সভাপতি টিকেন দাসে কয় যে সমগ্ৰ বিশ্বৰ বিজ্ঞানী মহল, বিশেষকৈ কৃষি বিজ্ঞানী আৰু পৰিৱেশবিদসকলে পামখেতিৰ বিৰূপ প্ৰভাৱ সম্পৰ্কে গভীৰ আশংকা প্ৰকাশ কৰাৰ পৰিপ্ৰেক্ষিতত পৃথিৱীৰ দেশে দেশে পামখেতি নিষিদ্ধ অথবা নিয়ন্ত্ৰিত কৰিছে । বিকল্প অৰ্থনৈতিক কৰ্মকাণ্ডৰ অভাৱত মালয়েছিয়া, ইন্দোনেছিয়া প্ৰভৃতি দেশত তৈল খেজুৰৰ খেতি কৰা হৈছে যদিও সেইবিলাক দেশতো প্ৰতিবাদ হৈছে আৰু সংশ্লিষ্ট দেশৰ ন্যায়ালয়েও বাণিজ্যিক পাম খেতিৰ ওপৰত কেতবোৰ প্ৰতিবন্ধকতা জাপি দিবলৈ বাধ্য হৈছে ।

পাম খেতিৰ ফলত ৰাজ্যৰ ভুগৰ্ভৰ পানী ব্যাপক হাৰত শুহিব আৰু খৰাঙৰ উপদ্ৰৱ বাঢ়িব । একেডৰা মাটিত ধান, মাহ, সৰিয়হ আদি বহুফলন শস্যৰ খেতি বন্ধ হৈ পৰিব অনিবাৰ্যভাৱে ধ্বংস হ'ব ৰাজ্যৰ বনাঞ্চল আৰু বৰ্ষাৰণ্য । প্ৰকৃতি-পাৰিপাৰ্শ্বিকতা আৰু জৈৱ-বৈচিত্ৰ্য হ'ব বিপন্ন । জলবায়ুৰ দ্ৰুত পৰিৱৰ্তন হ'ব ।

দৰাচলতে বাণিজ্যিক পাম খেতিৰ মাজেৰে প্ৰকট হৈছে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি-নেতৃত্বাধীন চৰকাৰে অনুসৰণ কৰা কৰ্পোৰেট-সাম্প্ৰদায়িক নীতিৰ বিধ্বংসী অভিযান। তেওঁ জনায় চৰকাৰৰ এই হঠকাৰী পদক্ষেপৰ বিৰুদ্ধে সমগ্ৰ অসমত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ।

ইপিনে চিপিআই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে বণিক গোষ্ঠী আৰু কৰ্পোৰেট খণ্ডৰ অবাধ লুণ্ঠনৰ স্বাৰ্থত অসমৰ পৰিৱেশ তথা জৈৱবৈচিত্ৰ্য ধ্বংস আৰু কৃষি জগতলৈ গভীৰ সংকট নমাই আনি ৰাজ্যত খেজুৰি তেলৰ খেতি অৰ্থাৎ পামখেতি আৰম্ভ কৰা বুলি গুৰুতৰ অভিযোগ তুলিছে । চিপিআই (এম)ৰ ৰাজ্যিক কমিটিয়ে প্ৰকাশ কৰা এটা বিবৃতিত কোৱা হৈছে যে ইউৰোপীয় পাৰ্লিয়ামেন্টত ২০১৭ চনৰ এপ্ৰিলত গৃহীত প্ৰস্তাৱ আৰু পৰৱৰ্তী সময়ত গ্ৰহণ কৰা বিভিন্ন প্ৰস্তাৱৰ জৰিয়তে ইউৰোপীয় সদস্য দেশসমূহলৈ পাম অইলৰ আমদানি ক্ষেত্ৰত বিভিন্ন প্ৰতিবন্ধকতা অথবা নিয়ন্ত্ৰণ আৰোপ কৰিছে ।

ইয়াৰ মূল কাৰণ হ'ল, পাম খেতিৰ ফলত প্ৰকৃতি-পাৰিপাৰ্শ্বিকতা তথা বনভূমি ধ্বংস হয় আৰু জলবায়ুৰ পৰিৱৰ্তন হৈ গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহনা যোগায় । ইন্দোনেছিয়াৰ উচ্চতম ন্যায়ালয়ে এইবছৰৰে যোৱা ৩ জুলাইত 'পিটি ৰফি কামজয় আবাদী' নামৰ সংস্থা এটাক পাম খেতি কৰি বনভূমি ধ্বংস কৰাৰ অপৰাধত ৬১ মিলিয়ন আমেৰিকান ডলাৰ জৰিমনা ভৰাৰ নিৰ্দেশ দিয়ে ।

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০০২ চনতে আন্দামান নিকোবৰ দ্বীপপুঞ্জত বাণিজ্যিক পাম খেতি নিষিদ্ধ কৰাৰ পাচত কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ চৰকাৰে ২০১৯ চনত পুনৰ পূৰ্বৰ নিৰ্দেশ বাতিলৰ বাবে ন্যায়ালয়ৰ ওচৰত আৱেদন জনায় । ন্যায়ালয়ে বিষয়টো পুংখানুপুংখ বিশ্লেষণৰ বাবে কেন্দ্ৰীয় উচ্চ ক্ষমতাসম্পন্ন কমিটি গঠন কৰি দিয়াৰ পাছত যোৱা ১২ জানুৱাৰীত কমিটিয়ে আদালতত প্ৰতিবেদন দাখিল কৰে ।

প্ৰতিবেদনত বনাঞ্চল আইন আদি বিষয়বোৰ বিস্তৃত অধ্যয়ন নকৰাকৈ বাণিজ্যিক পামখেতিৰ অনুমতি প্ৰদান নকৰাৰ পোষকতা কৰা হয় । চিপিআই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে সকলো দিশ বিস্তৃতভাৱে আৰু বৈজ্ঞানিক অধ্যয়ন অবিহনে ৰাজ্যত পাম খেতিৰ তীব্ৰ বিৰোধিতা কৰিছে । এই ক্ষেত্ৰত চৰকাৰে এই বৃহৎ খেতিৰ পৰিকল্পনা ৰূপায়ণৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়ে সেয়া সময়ে ক'ব ।

লগতে পঢ়ক: Palm oil plantation in Assam: কেন্দ্ৰৰ সৰ্বনাশী সিদ্ধান্তক সাৰ্থকতা প্ৰদান কৰি মুখ্যমন্ত্রীয়ে ৰোপণ কৰিলে পাম অইলৰ গছপুলি; ৰাজ্যজুৰি প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.