Illegal timber mill Seized: অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে কলগাছিয়াত বন বিভাগৰ অভিযান

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 2:04 PM IST

thumbnail

জনিয়া, 20 ছেপ্টেম্বৰ: কলগাছিয়াৰ শৰিয়াতপুৰত বন বিভাগৰ অভিযান ৷ অভিযানত জব্দ কৰে এটা অবৈধ কাঠফলা মিল ৷ বৰপেটা ৰোড বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া আৰু কৰ্মচাৰীসকলে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই কলগাছিয়াৰ শৰিয়াতপুৰ গাঁৱত ৷ বৰপেটা ৰোড বন আঞ্চলিক বিষয়া প্ৰশান্ত গগৈৰ নেতৃত্বত চলিছিল এই অভিযান ৷

উল্লেখ্য যে, জিলাখনৰ সাওৰাচৰা, মইনবৰী, চান্দমামা, খাদাৰটাৰী, বালিকুৰি এন চি, জনিয়া, বনগুঘি, জনতা আদি অঞ্চলত দীৰ্ঘদিনৰে পৰা বৰ্তমানলৈকে অবৈধভাবে কাঠফলা মিল চলাই আহিছে একাংশ লোকে ৷ ইফালে আঞ্চলিক বন বিষয়া প্ৰশান্ত গগৈয়ে কয়, ‘‘আমি জিলাখনৰ বিভিন্ন স্থানত অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছো ৷ কিন্তু পুনৰ গঢ় লৈ উঠে ৷ আমি অহাৰ খবৰ পোৱাৰ পাচতে অবৈধ কাঠ মিলৰ মালিক পলায়ন কৰে ৷ ৰাইজ এই ক্ষেত্ৰত যেতিয়া সজাগ হ’ব তেতিয়াহে এই অবৈধ কাঠফলা মিল ৰোধত সফল হম ৷’’  

লগতে পঢ়ক:Protest at Sarthebari: সৰ্থেবাৰী অঞ্চলৰ অস্তিত্ব আৰু স্বাভিমান ৰক্ষাৰ বাবে ৰাজপথলৈ ওলাই আহিল নাৰী সমাজ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.