Protest at Sarthebari: সৰ্থেবাৰী অঞ্চলৰ অস্তিত্ব আৰু স্বাভিমান ৰক্ষাৰ বাবে ৰাজপথলৈ ওলাই আহিল নাৰী সমাজ
Published: Sep 19, 2023, 8:21 PM
বৰপেটা ১৯ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ সৰ্থেবাৰী অঞ্চলৰ অস্তিত্ব আৰু স্বাভিমান ৰক্ষাৰ বাবে এইবাৰ ৰাজপথলৈ ওলাই আহিল নাৰী সমাজ । সৰ্থেবাৰীক উপ জিলা গঠন, ঘোষিত মহকুমা কৰ্তন আৰু সৰ্থেবাৰী অঞ্চলত থকা চৰকাৰী কাৰ্যালয় বাহাল ৰখাৰ দাবীত সোমবাৰে সৰ্থেবাৰীত নাৰী ঐক্য মঞ্চ আৰু সৰুক্ষেত্ৰী বিশ্ব হিন্দু পৰিষদ সহযোগত তিনি শতাধিক লোকে প্ৰতিবাদী ধৰ্ণা কার্যসূচী ৰূপায়ণ কৰে ৷
তেওঁলোকে প্ৰতিবাদস্থলীৰ পৰা চৰকাৰলৈ উক্ত দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰৰ বৰ্বৰ প্ৰতাৰণাৰ বিৰুদ্ধে নাৰী সমাজ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হোৱাৰ কথা ব্যক্ত কৰি যেতিয়ালৈকে এই চৰকাৰখনে সৰ্থেবাৰীৰ খিলঞ্জীয়া ৰাইজৰ কথা বিবেচনা নকৰে তেতিয়ালৈকে ধাৰাবাহিকভাৱে আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰি নিজৰ প্ৰাপ্য আদায় কৰিব বুলি উল্লেখ কৰে ৷