Ganja Seized in Guwahati : গুৱাহাটী ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

By

Published : Feb 12, 2023, 9:00 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

গুৱাহাটী, ১২ ফেব্ৰুৱাৰী : গুৱাহাটী মহানগৰীত পুনৰ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ (Ganja seized in Guwahati)৷ গুৱাহাটী ৰে’ল ষ্টেচনত (Guwahati Railway Station) জব্দ কৰা হয় বৃহৎ পৰিমাণৰ গাঞ্জা ৷ বিবেক এক্সপ্ৰেছৰ A1 দবাৰ পৰা জব্দ কৰা হয় ৪২ কেজি গাঞ্জা ৷

দেওবাৰে পুৱা গুৱাহাটী ৰে’লৱে আৰক্ষীৰ (Guwahati Railway Police) বিষয়া প্ৰসেনজিৎ দাসৰ নেতৃত্বত চলা অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমানৰ গাঞ্জাখিনি ৷  দেওবাৰে পুৱা প্ৰায় ৬.৩০ বজাত গোপন সূত্ৰৰ ভিত্তিত প্ৰসেনজিৎ দাসৰ নেতৃত্বত চলা অভিযানত জব্দ হয় গাঞ্জাখিনি ৷ ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়া প্ৰসেনজিৎ দাসে সংবাদ মাধ্যমৰ আগত জনোৱা মতে জব্দ হোৱা গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ২১ লাখ টকা ৷

ডিব্ৰুগড়ৰ পৰা কন্য়াকুমাৰী অভিমুখী বিবেক এক্সপ্ৰেছৰ (Ganja in Vivek Express) জৰিয়তে সৰবৰাহকাৰীয়ে ডিমাপুৰৰ পৰা কন্যাকুমাৰীলৈ গাঞ্জাখিনি সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল বুলি জানিব পৰা গৈছে ৷ ৰে’ল আৰক্ষীয়ে ৰে’লখনৰ A1 দবাৰ ৩১ নং চিটত পৰিতক্ত অৱস্থাত থকা দুটা বেগৰ ভিতৰত ৪ টা পেকেটত থকা গাঞ্জাখিনি জব্দ কৰে যদিও কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই (Ganja seized in Guwahati station)৷

উল্লেখ্য যে, ৰাজ্যৰ সৰ্বত্ৰে নিষিদ্ধ ড্ৰাগছসহ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ কিন্তু ইয়াৰ মাজতেই ৰে’লযোগে নিচাজাতীয় সামগ্ৰীসহ অন্যান অবৈধ সামগ্ৰীৰ সৰবৰাহ চলি আছে ৷ সৰবৰাহকাৰীয়ে বিভিন্ন কৌশলেৰে ড্ৰাগছ সৰবৰাহ কৰি আহিছে ৷ সৰবৰাহকাৰী ৰে’লপথক ড্ৰাগছকে ধৰি অন্যান্য অবৈধ সামগ্ৰী সৰবৰাহৰ বিকল্প পথ হিচাবে নিৰ্বাচন কৰি লৈছে ৷

লগতে পঢ়ক: AAP Protest in Guwahati: গৌতম আদানীক গ্ৰেপ্তাৰৰ দাবীত গুৱাহাটীত আপৰ উত্তাল প্ৰতিবাদ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.