ETV Bharat / state

AAP Protest in Guwahati: গৌতম আদানীক গ্ৰেপ্তাৰৰ দাবীত গুৱাহাটীত আপৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Feb 12, 2023, 8:12 PM IST

আদানীৰ বিত্তীয় কেলেংকাৰীৰ (Adani stock manipulation) প্ৰসংগক লৈ দেওবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে আম আদমী পাৰ্টীয়ে ৷ আদানীৰ বিৰুদ্ধে তদন্ত কৰি গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে (AAP protest in Guwahati) ৷ লগতে প্ৰধানমন্ত্ৰীয়ে দেশৰ সকলো সম্পদ আদানীক গতাই দিয়া বুলিও প্ৰতিবাদকাৰীয়ে উত্থাপন কৰে অভিযোগ ৷

AAP Protest in Guwahati
আদানীক গ্ৰেপ্তাৰৰ দাবীত গুৱাহাটীত আপৰ উত্তাল প্ৰতিবাদ

আদানীক গ্ৰেপ্তাৰৰ দাবীত গুৱাহাটীত আপৰ উত্তাল প্ৰতিবাদ

গুৱাহাটী, 12 ফেব্ৰুৱাৰী: গৌতম আদানীৰ ষ্টক হেৰফেৰ আৰু বিত্তীয় কেলেংকাৰীক (Adani stock manipulation) লৈ কেন্দ্ৰীয় চৰকাৰে তদন্তৰ নিৰ্দেশ প্ৰদান নকৰাক লৈ সকলো বিৰোধী দলেই উত্থাপন কৰি আছে প্ৰশ্ন ৷ দেওবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ সন্মুখতে গৌতম আদানীৰ বিত্তীয় কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদত বহিল আম আদমী পাৰ্টী (AAP protest in Guwahati) ৷ শতাধিক প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ ৷

আদানীৰ বিত্তীয় কেলেংকাৰীক লৈ দেশৰ ৰাজনৈতিক মহলত অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ গৌতম আদানী গ্ৰুপৰ বিত্তীয় কেলেংকাৰীৰ তদন্ত আৰু গ্ৰেপ্তাৰৰ দাবীৰে আম আদমী পাৰ্টী অসমে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ LIC আৰু SBI ৰ ধন আদানীয়ে আত্মসাৎ কৰিব বিচৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ (Adani stocks drop) ৷

প্ৰায় শতাধিক আম আদমী পাৰ্টীৰ কৰ্মীয়ে দেওবাৰে দিনৰ 11 বজাত ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷ বশিষ্ঠ চাৰিআলিৰ দিশৰ পৰা বিশাল সমদল উলিয়াই বিজেপিৰ কাৰ্যালয়ত প্ৰৱেশৰ চেষ্টা কৰে প্ৰতিবাদকাৰীয়ে ৷ ‘‘আদানী মোডী ভাই ভাই, দেশখন লুটি খাই,’’ ‘‘বিজেপি চৰকাৰ হায় হায়’’ আদি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তপ্ত কৰি তোলে পৰিস্থিতি (Fraud charges against Gautam Adani) ৷ কিন্তু এই প্ৰতিবাদ আৰম্ভ হোৱাৰ লগে লগেই সষ্টম হৈ পৰে পূৰ্বৰে পৰা মোতায়েন কৰি ৰখা আৰক্ষী বাহিনী ৷

শতাধিক প্ৰতিবাদকাৰীক আটক কৰি আৰক্ষীয়ে লৈ যায় চচলৰ ধৰ্ণাস্থলীলৈ ৷ ফলত আৰক্ষী আৰু আম আদমী পাৰ্টীৰ প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় হতাহতিৰ ৷ অৱশ্যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ দেশৰ সকলো ৰাজহুৱা সম্পদ আদানীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গতাই দিয়া বুলিও অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে (Adani stock scam) ৷

উল্লেখ্য যে, গৌতম আদানীৰ বিত্তীয় কেলেংকাৰীৰ বাবে ব্যৱসায়িক সাম্ৰাজ্যত কিছু দিনৰে পৰা সৃষ্টি হৈ আছে ব্যাপক খেলিমেলি ৷ যাৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কংগ্ৰেছেও ৷ সমান্তৰালভাৱে শেহতীয়াকৈ সদনতো আদানী প্ৰসংগক লৈ বিৰোধীয়ে উত্তাল কৰি তুলিছিল পৰিস্থিতি (Adani Group engaged in stock manipulation) ৷

গৌতম আদানী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বন্ধু হোৱাৰ বাবেই আদানীৰ বিৰুদ্ধে তদন্ত আৰম্ভ নকৰাৰ অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছ নেতা ৰাহুৰ গান্ধীয়ে ৷ মুঠৰ ওপৰত এতিয়া আদানীৰ বিত্তীয় কেলেংকাৰীয়ে তল-ওপৰ কৰি ৰাখিছে দেশৰ লগতে ৰাজ্যৰো ৰাজনৈতিক বাতাবৰণ (Adani news updates) ৷

লগতে পঢ়ক: Rahul Gandhi on Modi speech: গৌতম আদানিক প্ৰধানমন্ত্ৰীয়ে সুৰক্ষা প্ৰদান কৰিছে: ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.