Crime in Guwahati: হাতীগাঁও আৰক্ষীৰ জালত তীৰ খেলৰ বুকি

By

Published : Mar 5, 2023, 11:16 AM IST

thumbnail

গুৱাহাটী, ৫ মাৰ্চ: অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত গুৱাহাটী মহানগৰী । বিভিন্ন অপৰাধৰ লগতে মহানগৰীৰ অলিয়ে গলিয়ে চলিছে তীৰ খেলৰ অবাধ প্ৰচলন (Gambling game in Guwahati)। আৰক্ষীয়ে তীৰ খেলৰ বিৰুদ্ধে অভিযান অব্য়াহত ৰখাৰ মাজতেই মহানগৰীৰ বিভিন্ন ঠাইৰ লগতে হোটেল আদিত এই খেলৰ ঘাটি চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে । ইয়াৰ মাজতেই মহানগৰীত আৰক্ষীৰ জালত পৰিল তিনি তীৰ খেলৰ বুকি (Gambler arrested in Guwahati)।  

গুৱাহাটী মহানগৰীত বিশেষকৈ হাতীগাঁও, ভেটাপাৰা, লখৰাৰ বিভিন্ন স্থানত এতিয়াও সংগোপনে চলি আছে তীৰ খেলৰ বেহা (Hatigaon Police arrested Gambler)। শনিবাৰে হাতীগাঁও আৰক্ষীয়ে অভিযান চলাই তিনি তীৰ বুকিক গ্ৰেপ্তাৰ কৰিবলৈ হয় । হাতীগাঁৱৰ খানকাৰ পৰা হাতে-লোটে গ্ৰেপ্তাৰ কৰে এই তিনিওটা অভিযুক্তক । 

ধৃত তিনি তীৰ বুকি হৈছে মুস্তাফা মিঞা, ফুলৰ আলী আৰু মজিদুল ইছলাম । অভিযানকাৰী আৰক্ষীয়ে তিনিওৰে পৰা নগদ ৫,১২০ টকা, তিনিটা মোবাইল ফোন আৰু ১৫০ টা তীৰৰ টিকটৰ বাণ্ডিলৰ লগতে বহু নথি-পত্ৰ জব্দ কৰিছে । অভিযোগ অনুসৰি গ্ৰেপ্তাৰ হোৱা তিনি তীৰ বুকিয়ে তীৰ মাফিয়া নাইচ, ৰকি আৰু মজিদৰ হৈ কাম কৰি আহিছিল ।  

লগতে পঢ়ক: Balaipather Panchayat Corruption : নিজ ইচ্ছামতেহে কাৰ্যালয়লৈ আহে পঞ্চায়ত সচিবে, অভিযোগ খণ্ড উন্নয়ন বিষয়াৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.