ETV Bharat / state

Balaipather Panchayat Corruption : নিজ ইচ্ছামতেহে কাৰ্যালয়লৈ আহে পঞ্চায়ত সচিবে, অভিযোগ খণ্ড উন্নয়ন বিষয়াৰ

author img

By

Published : Mar 4, 2023, 11:03 PM IST

জনিয়া সমষ্টিৰ অন্তৰ্গত ৬২ নং বলাইপাথাৰ গাওঁ পঞ্চায়তৰ কাৰ্যালয়ৰ সচিবৰ মই মতালি (Balaipather Panchayat Corruption)৷ নিজ ইচ্ছামতেহে কাৰ্যালয়লৈ আহে গাওঁ পঞ্চায়তৰ কাৰ্যালয়ৰ সচিব বছিৰ উদ্দীনে ৷ খণ্ড উন্নয়ন বিষয়াৰ শ্ব’কজকো কেৰেপ নকৰে সচিবে (Panchayat secretary Irregularity)৷

Panchayat secretary Irregularity at Balaipather Panchayat Corruption
নিজ ইচ্ছামতেহে কাৰ্যালয়লৈ আহে পঞ্চায়ত সচিবে

নিজ ইচ্ছামতেহে কাৰ্যালয়লৈ আহে পঞ্চায়ত সচিবে

জনিয়া, 4 মাৰ্চ : বৰপেটাৰ জনিয়া সমষ্টিৰ অন্তৰ্গত ৬২ নং বলাইপাথাৰ গাওঁ পঞ্চায়তৰ কাৰ্যালয়ৰ সচিব বছিৰ উদ্দীনৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ উত্থাপন হৈছে (Panchayat secretary Irregularity) ৷ ৰূপসী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীয়ে খোদ অভিযোগ উত্থাপন কৰে গাঁও পঞ্চায়তগৰাকীৰ বিৰুদ্ধে (Balaipather Panchayat Corruption) ৷ সচিব গৰাকীয়ে প্ৰায়ে কাৰ্যালয়ত অনুপস্থিত থকাৰ অভিযোগ উত্থাপন হৈছে ৷

দুৰ্নীতিৰ বিৰুদ্ধে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) কৰা জেহাদ ঘোষণাৰ পিচতো কেৰেপ কৰা নাই একাংশ চৰকাৰী কৰ্মচাৰীয়ে ৷ অভিযোগ অনুসৰি ৬২ নং বলাইপাথাৰ গাওঁপঞ্চায়তৰ সচিব বছিৰ উদ্দীনে নিজৰ খেয়াল খুচি মতে কাৰ্যালয়লৈ আহে আৰু যায়।

খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীয়ে (Block Development Officer Navratna Patowary) শনিবাৰে সংবাদমাধ্যমৰ সন্মুখত কয়, "মই আজি পৰিদৰ্শনৰ সময়ত প্ৰত্যক্ষ কৰিলো যে বলাইপথাৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়টো বন্ধ হৈ আছে ৷ মই খবৰ কৰোতে গম পালো যে গাওঁ পঞ্চায়তৰ সচিব বছিৰ উদ্দীনে কাকো একো নজনোৱাকৈ কাৰ্যালয়ত উপস্থিত নাই ৷ ইতিমধ্যে তেখেতেৰ বিৰুদ্ধে বহুতো অভিযোগ শুনিবলৈ পাইছো ৷

যোৱা 6 ফেব্ৰুৱাৰীটো এনেদৰে কাৰ্যালয়টো বন্ধ কৰি থোৱাৰ ফলত হিতাধিকাৰীসকলে উভতি গৈ মোক অৱগত কৰিছিল ৷ তাৰ পিচতে 6 তাৰিখে মই তেওঁক শ্ব’কজ কৰিছিলো ৷ তেওঁ ইয়াৰ এটা প্ৰত্যুত্তৰো দিছিল যে তেওঁ হেনো সংশ্লিষ্ট সভাপতিক কৈ থৈ গৈছিল ৷ আজি তেওঁ কি কাৰণে অহা নাই সেইবাবে মই তেওঁক আজিয়েই শ্ব’কজ কৰিম ৷ অনাগত দিনত কমিছনাৰৰ লগতো মই এই বিষয়ে কথা পাতিম ৷ মোৰ পৰিদৰ্শনৰ কালত বলাইপথাৰৰ বাহিৰে অন্য গাঁও পঞ্চায়তসমূহত সচিব উপস্থিত নথকাটো মই প্ৰত্যক্ষ কৰা নাই ৷"

ইফালে গাঁওসমূহত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত হিতাধিকাৰীসকলক এক নিৰ্ধাৰিত সময়ৰ ভিতৰত ঘৰসমূহ নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনা দিছিল চৰকাৰে ৷ সেইবাবে গাঁও পঞ্চালয়তসমূহত অধিক তৎপৰতাৰে গৃহ নিৰ্মাণৰ কামসমূহৰ পৰিলক্ষিত কৰি আছে সংশ্লিষ্ট বিভাগসমূহে ৷

তেনেসময়ত এনেদৰে এজন পঞ্চায়ত সচিবে কামক আওকান কৰি কাৰ্যালয়ত উপস্থিত নথকা ঘটনাই হিতাধিকাৰীসকলক বাৰুকৈয়ে অতিষ্ঠ কৰিছে ৷ বছিৰ উদ্দীনৰ বিৰুদ্ধে অনতিপলমে উৰ্দ্ধতম কৰ্তৃপক্ষক বিহিত ব্যৱস্থা ল’বলৈ আহ্বান জনায় স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: Sanjoy Kishan in Tinsukia: নিৰ্মাণৰ কাম চাবলৈ ৰাজপথত নিশা মন্ত্ৰী সঞ্জয় কিষাণৰ চাডেন ভিজিট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.