Independence day 2023: তিনিচুকীয়াত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ

By

Published : Aug 15, 2023, 2:17 PM IST

thumbnail

তিনিচুকীয়া, ১৫ আগষ্ট: আজি দেশৰ প্ৰতিটো প্ৰান্ততে পালন কৰা হৈছে 77 সংখ্যক স্বাধীনতা দিৱস ৷ তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগতো পালন কৰা হয় স্বাধীনতা দিৱস ৷ তিনিচুকীয়াৰ বৰগুৰিস্থিত চৰকাৰী উদ্যোগিক প্ৰশিক্ষণ খেলপথাৰত আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰে মন্ত্ৰী নন্দিতা গাৰ্লোচাই ৷ উক্ত অনুষ্ঠানত উপস্থিত আছিল তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপ্নীল পাল আৰু আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপ ৷

পতাকা উত্তোলন কৰাৰ পাছতে তিনিচুকীয়াৰ আৰক্ষী, যান-বাহন আৰক্ষী, বিদ্যালয়-মহাবিদ্যালয়ৰ এন চি চি আৰু স্কাউট-গাইডকে আদি কৰি সৰ্বমুঠ ২৬ টা দলৰ অভিবাদন গ্ৰহণ কৰে মন্ত্ৰী নন্দিতা গাৰ্লোচাই ৷ তাৰ পাচতে কেইবাটাও দলে দেশপ্ৰেমমূলক সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰাৰ লগতে জিলা পৰিবহণ বিভাগৰ তৰফৰ পৰা পথ সুৰক্ষাৰ ওপৰত এখন নাট প্ৰদৰ্শন কৰে ৷

লগতে পঢ়ক: Assam CM invites Paresh Baruah to Assam: পৰেশ বৰুৱাক সাতদিন অসমত আহি থাকি যাবলৈ নিমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.