ETV Bharat / state

Assam CM invites Paresh Baruah to Assam: পৰেশ বৰুৱাক সাতদিন অসমত আহি থাকি যাবলৈ নিমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Aug 8, 2023, 9:10 PM IST

আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক নিমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ ৷ "আগৰ অসম এতিয়া অসম বহু সলনি হৈছে ৷ তেওঁ কেইদিনমান আহি অসমত অতিথি হিচাপে থাকি যাওক ৷ মই নিমন্ত্ৰণ দিছোঁ যেতিয়া সম্পূৰ্ণ দায়িত্ব মোৰ": মুখ্যমন্ত্ৰী

CM Himanta Biswa Sarma invites ULFA-I chief Paresh Baruah to Assam
পৰেশ বৰুৱাক সাত দিন অসমত আহি থাকি যাবলৈ নিমন্ত্ৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

তিনিচুকীয়া, ৮ আগষ্ট: “পৰেশ বৰুৱাই অসমত এতিয়া আহি সাত দিন থাকি যাওক ৷ মই নিমন্ত্ৰণ দিছোঁ যেতিয়া সম্পূৰ্ণ দায়িত্ব মোৰ ৷” এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ তিনিচুকীয়াৰ ধলা-ছৈখোৱাত মঙলবাৰে এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সংবাদকৰ্মীয়ে সংযুক্ত মুক্তি বাহিনী অসম, স্বাধীনৰ শান্তি আলোচনাৰ সন্দৰ্ভত কৰা প্ৰশ্নত আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাক সাত দিনৰ কাৰণে অসমলৈ আহিবলৈ নিমন্ত্ৰণ দিয়ে ৷

তেওঁ কয়, সেই আগৰ অসম এতিয়া নাই ৷ পৰেশ বৰুৱাই ভাবে অসমত বাহিৰৰ পৰা অহা লোকে কাম কৰে ৷ কিন্তু এতিয়া অসমৰ পৰা গৈ বিদেশত কাম কৰি আছে বহু যুৱকে ৷ মই শান্তি আলোচনালৈ আহ্বান জনোৱাৰ কোনো কথা নাই, পৰেশ বৰুৱাৰ নিজৰ-বিচাৰ বিবেক আছে ৷ কিছু ব্যৱহাৰিক অসুবিধা থকাৰ কাৰণে শান্তি আলোচনা সম্ভৱ হোৱা নাই, অন্যথা কেতিয়াবাই হৈ উঠিলেহেঁতেন, চেষ্টা কৰি থকা হৈছে ৷ গতিকে এবাৰ সাতদিনৰ কাৰণে আহি অসমত থাকি যাওক তাৰ সম্পূৰ্ণ দায়িত্ব মোৰ ৷

আনহাতে পুনৰ আলফা(স্বা)লৈ অসমৰ যুৱক-যুৱতী গৈ থকাৰ প্ৰশ্নত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, যিমান গৈছে তাতকৈ বেছি আহিছে ৷ বিশেষকৈ ম্যানমাৰত নাগালেণ্ডৰ দুটা গোষ্ঠীৰ মাজত সংঘৰ্ষ চলি আছে ৷ যাৰ বাবে যিসকল আছে আমি জনা মতে তেওঁলোকে ম্যানমাৰত অতি দুখ-কষ্টৰ মাজত জীৱন নিৰ্বাহ কৰি আছে ৷ গতিকে সেইসকলো আমাৰ লগত আহিবলৈ যোগাযোগ কৰি আছে ৷

আনহাতে ৰাহুল গান্ধীৰ সাংসদ পদ ঘূৰাই পোৱাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে, যদিও উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীৰ শাস্তিৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে কিন্তু সমান্তৰালকৈ শীৰ্ষ আদালতখনে ৰাহুল গান্ধীৰ ভাষা আৰু ব্যৱহাৰৰ কাৰণে তেওঁক সমালোচনাও কৰিছে ৷ লগতে আদালতে তেওঁক নিজৰ ব্যৱহাৰ আৰু বাণী মাৰ্জিত কৰিবলৈও সকীয়াই দিছে ৷ কিন্তু মোৰ কংগ্ৰেছী বন্ধুসকলে কেৱল ন্যায়ালয়ৰ শাস্তি স্থগিতাদেশৰ বিষয়টোকে একপক্ষীয়ভাৱে প্ৰচাৰ চলাইছে ৷ মই তেওঁলোকক অনুৰোধ জনাম, তেওঁলোকে যাতে নিজৰ অফিচিয়েল টুইটাৰ একাউন্টৰ জৰিয়তে সম্পূৰ্ণ ৰায়দানটো ৰাজহুৱা কৰে ৷

লগতে পঢ়ক: Youth missing in Tinsukia: বৰডুমচাৰ পৰা সন্ধানহীন যুৱক; আলফা স্বাধীনত যোগদানৰ সন্দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.