ETV Bharat / state

Youth missing in Tinsukia: বৰডুমচাৰ পৰা সন্ধানহীন যুৱক; আলফা স্বাধীনত যোগদানৰ সন্দেহ

author img

By

Published : Mar 28, 2023, 4:53 PM IST

পুনৰ তিনিচুকীয়াৰ বৰডুমচাৰ এগৰাকী যুৱক আলফা(স্বাঃ)ত যোগদান কৰাৰ সন্দেহ ৷ 22 মাৰ্চৰ পৰা সন্ধানহীন হৈ থকা বিকাশ গগৈ নামৰ যুৱকজন আলফা(স্বাঃ)ত যোগদান কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে (Youth missing from Tinsukia) ৷

Youth missing in Tinsukia
বৰডুমচাৰ পৰা সন্ধানহীন যুৱক

বৰডুমচাৰ পৰা সন্ধানহীন যুৱক; আলফা(স্বাঃ)ত যোগ দিয়াৰ সন্দেহ

তিনিচুকীয়া, 28 মাৰ্চ: তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বৰডুমচাৰ 1 নং ডুমডুমা নগাঁৱৰ এগৰাকী যুৱক নিৰুদ্দেশ হোৱাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ 22 মাৰ্চৰ পৰা সন্ধানহীন হৈ আছে বিকাশ গগৈ নামৰ যুৱকজন ৷ ঘৰৰ পৰা মাৰ্ঘেৰিটালৈ বুলি ওলাই যোৱাৰ পাচৰে পৰা সন্ধান নাই বিকাশ গগৈৰ (Tinsukia youth missing) ৷

বিকাশ গগৈ সন্ধানহীন হোৱা সন্দৰ্ভত স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে যদিও বৰ্তামানেও লাভ কৰা নাই কোনো সন্ধান ৷ বিকাশ গগৈয়ে আলফা(স্বাঃ)ত যোগদানৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ৷ তিনিচুকীয়া জিলাৰ লগতে উজনি অসমৰ বহু যুৱক-যুৱতী নিৰুদ্দেশ হোৱাৰ পাচতেই আলফা(স্বাঃ)ত যোগদান কৰাৰ খবৰ বিভিন্ন সময়ত লাভ কৰি অহা হৈছে ৷ এনে প্ৰেক্ষাপটত বিকাশ গগৈয়েও আলফা(স্বাঃ)ত যোগদান কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে (Tinsukia youth suspected join ULFA I) ৷

শেহতীয়াকৈ জিলাখনৰ কোনো যুৱক-যুৱতী আলফা(স্বাঃ)ত যোগদান কৰাৰ তথ্য নাই যদিও বিকাশ গগৈ সন্ধানহীন হোৱাৰ খবৰে সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ খোদ মাতৃয়েই বিকাশ গগৈয়ে আলফা স্বাধীনত যোগদান কৰা বুলি আশংকা প্ৰকাশ কৰিছে ৷ সংবাদমাধ্যৰ আগত মাতৃয়ে সদৰী কৰা অনুসৰি কিছুদিনৰ পৰা ম’বাইল ফোনত নিষিদ্ধ ঘোষিত সংগঠনটোৰ বহু ভিডিঅ’ চাইছিল বিকাশে ৷ ইফালে মাৰ্ঘেৰিটালৈ যোৱাৰ সময়ত 'Hunting shoes' ক্ৰয় কৰি পৰিধান কৰি গৈছিল ৷ যাৰ বাবে বিকাশ গগৈয়ে আলফা(স্বাঃ)ত যোগদান কৰিব পৰা সম্ভাৱনা অধিক গাঢ় হৈ পৰিছে (Tinsukia youth Biksash Gogoi missing) ৷

উল্লেখ্য যে, 2021 চনত আততায়ীয়ে হত্যা কৰিছিল বিকাশ গগৈৰ পিতৃক ৷ বিকাশ গগৈৰ পিতৃ দেবা গগৈ আছিল বিজেপিৰ এগৰাকী সক্ৰিয় কৰ্মী ৷ ৰাজনৈতিক কাৰণতে দেবা গগৈক হত্যা কৰা হয় বুলি সন্দেহ প্ৰকাশ কৰিছিল পৰিয়ালৰ লোকে ৷ স্থানীয় লোকে অৱগত কৰা অনুসৰি পিতৃৰ হত্যাকাণ্ডৰ পাচতেই মানসিকভাৱে ভাগি পৰিছিল বিকাশ ৷ ইফালে, বিকাশ গগৈৰ পৰিয়ালক চৰকাৰে সংস্থাপন দিয়াৰ কথা কৈছিল যদিও পৰৱৰ্তী সময়ত কোনো ধৰণৰ সুবিধা প্ৰদান কৰা নহ’ল ৷

এনেবোৰ কাৰণতে ক্ষুব্ধ হৈ বিকাশে আলফা(স্বাঃ)ত যোগদান কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷ যদিহে বিকাশে আলফা(স্বাঃ)ত যোগদান কৰিছে তেন্তে আলফা(স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক (ULFA I chef Paresh Baruah) পুত্ৰক ঘৰলৈ ঘূৰাই পঠাবলৈ কাতৰ আহ্বান জনাইছে মাতৃয়ে ৷

লগতে পঢ়ক: Two people from Tinsukia are missing: বহিঃৰাজ্যত ৰহস্যজনকভাৱে নিখোজ তিনিচুকীয়াৰ দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.