Fire Incident in Assam:দীপাৱলীত মহানগৰীত ১৭ টা অগ্নিকাণ্ড ,অগ্নিদগ্ধ হৈ মহিলাৰ মৃত্য়ু

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 5:10 PM IST

thumbnail

গুৱাহাটী,১৩ নৱেম্বৰ: দীপাৱলীৰ আনন্দ উল্লাসৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাটাও অগ্নিকাণ্ড সংঘটিত হৈছে । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰীতো কেইবাটাও অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । মহানগৰীত সৰু -ডাঙৰ ১৭ টা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে । নিশা ১২ বজালৈ মহানগৰীত ১৭ টা অগ্নিকাণ্ড সংঘটিত হৈছে । ইয়াৰ ভিতৰত দিনৰ ভাগত ভংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে । দিনৰ ভাগত যোৰাবাটত সংঘটিত হোৱা  বিধ্বংসী অগ্নিকাণ্ডত এগৰাকী মহিলাই অগ্নিদগ্ধ হৈ মৃত্য়ুমুখত পৰে ।  

দিনৰ ১ বজাৰত যোৰাবাটৰ শংকৰ ভোজনালয়ৰ সমীপৰ ভাড়াঘৰৰ এটাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । ৯টা কোঠা থকা ভাড়াঘৰটোত হোৱা‌ অগ্নিকাণ্ডত ৩টা চিলিণ্ডাৰ বিস্ফোৰণ হয় । এই অগ্নিকাণ্ডত সুজাতা চৌধুৰী নামৰ ৪০ বছৰীয়া মহিলাগৰাকীৰ অগ্নিদগ্ধ হৈ মৃত্যু হয় । আনহাতে ফাঁচী বজাৰৰ ৪ নম্বৰ ৰে'লগেটৰ জাৱৰত, বিৰুবাৰীৰ এটা ঘৰৰ চৌহদৰ নাৰিকলৰ গছত, পাণ্ডু কালিবাৰী, লখৰা, গণেশগুৰি আদিত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি তথ্য সদৰী কৰিছে অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰই । 

লগতে পঢ়ক:Fire Incident : দীপাৱলীৰ মাজতেই যোৰহাটত অগ্নিকাণ্ডৰ ঘটনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.