Fire Incident : দীপাৱলীৰ মাজতেই যোৰহাটত অগ্নিকাণ্ডৰ ঘটনা

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 4:35 PM IST

thumbnail

যোৰহাট, 13 নৱেম্বৰ : দীপাৱলীৰ আনন্দ-উলাহৰ মাজতেই যোৰহাটত সোমবাৰে সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা ৷ যোৰহাট পানিচকুৱাত সংঘটিত হ'ল এই অগ্নিকাণ্ড ৷ হাজৰিকা বাইক ৰিপেয়াৰিং চেণ্টাৰ নামৰ মটৰ চাইকেল মেৰামতি কৰা এটা গেৰেজত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷

অভিজিত হাজৰিকা নামৰ ব্যক্তিজনৰ মালিকনাধীন আছিল অগ্নিকাণ্ড সংঘটিত হোৱা গেৰেজটো ৷ অগ্নিকাণ্ডৰ ফলত গেৰেজটো সম্পূৰ্ণৰূপে জাহ যায় ৷ আতচবাজী ফুটোৱাৰ ফলতেই জুইৰ সূত্ৰপাত ঘটে বুলি সন্দেহ কৰা হৈছে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷  

ইফালে দেওৱাৰে নিশা তিতাবৰ পূৱালি নগৰ ফাৰ্নিচাৰ গুদামত জুইয়ে আগুৰি ধৰাৰ ফলত জুইত সম্পূৰ্ণৰূপে জাহ যায় গুদামটো ৷ পৰৱৰ্তী সময়ত তিতাবৰ-মৰিয়নীৰ পৰা অহা অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক :  Diwali 2023 : প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি দুপৰ নিশালৈ ফুটালে ফটকা-আতচবাজী, কেইবাজনকো আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.