ETV Bharat / entertainment

পাপনৰ কণ্ঠত বৰগীতে হিয়া জুৰালে শ্ৰোতাৰ - Borgeet by Papon

author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 1:20 PM IST

Borgeet by Papon : ডিগবৈত বিহু মঞ্চৰ তুলনাত ব্যতিক্ৰম ৰূপত অংগৰাগ পাপন মহন্ত ৷ বৰগীতৰ ওপৰত গুৰুত্ব দিব অংগৰাগ পাপন মহন্তই ৷

papon performs borgeet at 478th birth anniversary of Sri Sri Badala Padma Ata Purush in tinsukia
অংগৰাগ পাপন মহন্ত (etv bharat assam)
অংগৰাগ পাপন মহন্তৰ বৰগীত পৰিৱেশন (etv bharat assam)

তিনিচুকীয়া, ২১ মে’ : ব’হাগ শেষ হ’ল, কিন্তু অসমত শেষ হোৱা নাই ব’হাগৰ বিহু ৷ বিহুতে বলীয়া অসমীয়াৰ মন, গোটেই বছৰজুৰি বিহু লাগি থকা অসমীয়াৰ গাত জেঠ মাহতে বিহু আঁতৰিব কেনেকৈ ? আপোনালোক সকলোৱে নিশ্চয় মঞ্চ বিহু উপভোগ কৰি আনন্দ লৈ আছে অসমৰ বিভিন্ন প্ৰান্তত ৷ জনপ্ৰিয় সংগীতশিল্পীৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ মানুহৰ ভিৰ হোৱাও পৰিলক্ষিত হৈছে ।

সংগীতশিল্পীসকলৰ ভিতৰত অৱশ্যেই অংগৰাগ পাপন মহন্ত আৰু জুবিন গাৰ্গক সৰ্বোচ্চ স্থান দি আহিছে সকলোৱে ৷ বিশেষকৈ বিদেশত নিগাজীকৈ ঠিকনা ল’বলৈ সক্ষম হোৱা পাপনে এইবাৰ অসমত আঙুলিৰ মূৰত গণিব পৰাকৈ বিহুৰ মঞ্চত সংগীতানুষ্ঠান পৰিৱেশন কৰি অনুৰাগীক আনন্দিত কৰি তোলে ৷ ইটোৰ পাচত সিটো জনপ্ৰিয় গীত পৰিবেশন কৰাৰ লগতে গীতৰ মাজত অকণো বিৰতি নল’লে পাপনে ৷

প্ৰতিখন বিহুৰ মঞ্চতে পাপনে নচুৱালে উপস্থিত ডেকা-বুঢ়া, গাভৰু-বোৱাৰী সকলোকে ৷ বিহুৰ মঞ্চত কুৰিৰো অধিক বাদ্যযন্ত্ৰ শিল্পীকে আদি কৰি সহযোগীৰ সৈতে অনুষ্ঠান কৰাৰ বিপৰীতে সোমবাৰে নিশা তিনিচুকীয়া জিলাৰ ডিগবৈৰ এখন বিশেষ মঞ্চত পাপনক দেখা গ’ল মাত্ৰ চাৰি-পাঁচগৰাকী সহযোগীক লগত লৈ কিছু ব্যতিক্ৰমী ৰূপত ৷

ধুতি, কুৰ্তা পৰিধান কৰি সম্পূৰ্ণ ভক্তিমূলক ৰূপত মঞ্চত সকলোৰে মৰমৰ পাপন ৷ তিনিচুকীয়া জিলাৰ তৈল নগৰী ডিগবৈৰ মুলিয়াবাৰী খেলপথাৰত প্ৰথমবাৰৰ বাবে আয়োজন কৰা শ্ৰী শ্ৰী বদলা পদ্ম আতা পুৰুষৰ ৪৭৮ সংখ্যক আৰ্বিভাৱ মহোৎসৱত বৰগীত পৰিৱেশন কৰিবলৈ উপস্থিত হয় সকলোৰে মৰমৰ অংগৰাগ পাপন মহন্ত । হাজাৰ হাজাৰ জনতাৰ উপস্থিতিত ইটোৰ পাচত সিটো বৰগীত পৰিৱেশনেৰে জীপাল কৰি তোলে বদলা পদ্ম আতা পুৰুষৰ মহোৎসৱস্থলী ।

বৰগীত পৰিৱেশনৰ সমান্তৰালভাৱে পাপনে ৰাখি গ’ল বহু ভক্তিমূলক বক্তব্য ৷ এনেধৰণৰ মহৎ অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সকলো সংগীতশিল্পীকে বৰগীত অধ্যয়ন কৰিবলৈ আহ্বান জনাই আৰু নিজেও বৰগীতৰ প্ৰতি এতিয়াৰে পৰা অধিক গুৰুত্ব দিব বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে, তিনিদিনৰ বাবে ডিগবৈৰ মুলিয়াবাৰী খেলপথাৰ পৰিণত হয় সত্ৰ নগৰীলৈ ৷ দেওবাৰে আনুষ্ঠানিক কাৰ্যসূচীৰ সমান্তৰালকৈ ১০০০ হাজাৰ গৰাকী কিশোৰ-কিশোৰীয়ে কৃষ্ণ নৃত্য পৰিৱেশন কৰি সকলোৰে মন আকৰ্ষিত কৰিবলৈ সক্ষম হোৱাৰ লগতে সোমবাৰে এক বিশাল শোভাযাত্ৰাও বাহিৰ কৰি সকলোৰে মন জয় কৰে ৷

সোমবাৰে অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীকে আদি কৰি বহু বিশিষ্ট ব্যক্তি । শেষত অংগৰাগ পাপন মহন্তৰ বৰগীতৰ অনুষ্ঠানৰ পাচতে তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা মহোৎসৱৰ সফল সমাপ্তি ঘটে ৷

লগতে পঢ়ক : কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ শেষৰ দিনা পাপনে মুহিলে ডিব্ৰুগড়বাসীক - Papon Bihu Program

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.