Fire in Titabor:তিতাবৰত অগ্নিকাণ্ডত ১৩ খন ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত

By

Published : May 17, 2023, 3:39 PM IST

thumbnail

যোৰহাট, ১৭ মে': তিতাবৰত বিধ্বংসী অগ্নিকাণ্ড (Fire in Jorhat)। মঙলবাৰৰ মাজনিশা তিতাবৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । যোৰহাট জিলাৰ অন্তৰ্গত তিতাবৰ মহকুমা নাতিদূৰৈৰ বান্দৰচলিহা তিনি আলিত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা (Massive fire in Titabor)। জুইত জাহ গ'ল নগদ টকাসহ ৯০ লক্ষাধিক টকাৰ সা-সামগ্ৰী । এই অগ্নিকাণ্ডত ১৩ খনকৈ অধিক ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয় ।  

ইয়াৰ পিছতেই ঘটনাস্থলীত যোৰহাট,মৰিয়নি আৰু তিতাবৰৰ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও ৰাইজে শ্বৰ্ট চাৰ্কিটৰ ফলতে সংঘটিত হোৱা বুলি সন্দেহ কৰিছে ।

লগতে পঢ়ক:Road Accidents: ট্ৰাক চালকৰ দৌৰাত্ম্যৰ বাবে কলিয়াবৰত দৈনিক বৃদ্ধি পথ দুৰ্ঘটনাৰ সংখ্য়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.