Road Accidents: ট্ৰাক চালকৰ দৌৰাত্ম্যৰ বাবে কলিয়াবৰত দৈনিক বৃদ্ধি পথ দুৰ্ঘটনাৰ সংখ্য়া

By

Published : May 17, 2023, 1:03 PM IST

thumbnail

কলিয়াবৰ, 17 মে’ : নিশা হ'লেই ৰাজপথত বৰ-বৰ বাহনৰ দৌৰাত্ম্যত সংঘটিত হৈছে ভয়ানক দুৰ্ঘটনা, মৃত্যু হৈছে বহু পথাচাৰীৰ ৷ নিশাৰ ভাগত বৰ-বৰ ট্ৰাক চালকৰ দৌৰাত্ম্যৰ বাবে পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৰাষ্ট্ৰীয় ঘাইপথসমূহত । এই ক্ষেত্ৰত নৈশ বাছসমূহো পিছ পৰি ৰোৱা নাই । মংগলবাৰে পুৱতি নিশা জখলাবন্ধাত তেনে এক দুৰ্ঘটনাতে প্ৰাণ হেৰুৱাল আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাই ।

কলিয়াবৰৰ নতুনকৈ মেৰামতি কৰা কলিয়াবৰ তিনিআলিৰ পৰা উজনিলৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অধিকাংশ স্থানত নাই কোনো সাংকেতিক চিহ্ন । নাই ৰিফলেক্টৰ । যাৰ ফলত পথৰ দিশ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় সৰু-সৰু বাহনসমূহ (Improper Road Maintenance) । নিশাৰ ভাগত সৰু-সৰু বাহনক যেন গুৰুত্বই নিদিয়ে ডাঙৰ-ডাঙৰ ট্ৰাক আৰু নৈশ বাছৰ চালকে ৷

ট্ৰাক আৰু নৈশবাছৰ উচ্চ ক্ষমতাসম্পন্ন লাইটৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই মুখামুখী সংঘৰ্ষ হয় সৰু-সৰু বাহনৰ । ফলত ভয়াবহ দুৰ্ঘটনাত দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাৱটিব লগা হৈছে বহুজনে । এই ক্ষেত্ৰত ৰাজ্যৰ পৰিবহন বিভাগটো কুম্ভকৰ্ণ নিদ্ৰাত । দিনৰ ভাগত যান-বাহন আইন ভংগকাৰী বাহনৰ চালকক জৰিমনা বিহি ৰাজভঁৰাল টনকীয়াল কৰিছে যদিও নিশাৰ ভাগত ৰাজপথত অনিয়ন্ত্ৰিত গতিৰ বাহনে সন্ত্ৰাসৰ সৃষ্টি কৰিছে । তৎস্বত্বেও কাণসাৰ নাই ৰাজ্যৰ পৰিবহন বিভাগৰ (increasing number of road accidents in Assam) ।

আনহাতে, ৰাজপথত বিকল হৈ পথৰ মাজতে ৰৈ থকা সৰু-বৰ বাহনো হৈ পৰিছে যমদূত স্বৰূপ (increasing number of road accidents) । নিয়মমতে, এনে বাহনসমূহ পথৰ পৰা অঁতৰাই নিব লাগে যদিও পৰিবহন বিভাগ বা আৰক্ষী প্ৰশাসনে কোনো ভ্ৰুক্ষেপেই নকৰে ।

লগতে পঢ়ক : Cyclone Mocha effects : ঘূৰ্ণী বতাহ মোচাৰ প্ৰভাৱ ম্যানমাৰত; বিধস্ত হৈ পৰিছে স্বাভাৱিক যাত্ৰা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.