শান্তি চুক্তি স্বাক্ষৰ হৈছে ভাল কথা, কিন্তু পৰেশ বৰুৱাকো মাতিব লাগে আলোচনালৈ : ড৹ নগেন শইকীয়া

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 2:20 PM IST

thumbnail

ডিব্ৰুগড়, 30 ডিচেম্বৰ : দীৰ্ঘদিন ধৰি চলা আলোচনাৰ অন্তত আলফা-চৰকাৰৰ বহু চৰ্চিত শান্তি চুক্তি শুকুৰবাৰে স্বাক্ষৰিত হ'ল ৷ তাৰ পাচতে ৰাজনৈতিক দলৰ নেতাৰ লগতে ৰাজ্যৰ সচেতন ব্যক্তিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ একাংশই যদি চৰকাৰৰ পদক্ষেপক আদৰণি জনাইছে আন একাংশই পৰেশ বৰুৱা অবিহনে হোৱা শান্তি চুক্তিক সমালোচনাও কৰিছে ৷

শনিবাৰে আলফা-চৰকাৰৰ শান্তি চুক্তিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিশিষ্ট শিক্ষাবিদ, সাহিত্যক ড৹ নগেন শইকীয়াই ৷ তেওঁ কয়, ‘‘চৰকাৰে এটা ভাল সিদ্ধান্ত বা পদক্ষেপ গ্ৰহণ কৰিছে ৷ আলফা-চৰকাৰৰ শান্তি চুক্তিৰ সময়তে আৰু এটা গোট বাহিৰত আছে সেইটোহে চিন্তাৰ বিষয় ৷ পৰেশ বৰুৱাৰ নেতৃত্বত বাহিৰত থকা গোটকো কেনেকৈ আলোচনাৰ টেবুললৈ আনিব পাৰি তাৰ চেষ্টা কৰিব লাগে ৷ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ক'বলগীয়া কথাখিনি শুনি সিদ্ধান্তলৈ আহিলে বেছি ভাল হ'ব ৷’’

লগতে পঢ়ক : একপক্ষীয় চুক্তিৰে অসমত শান্তি প্ৰতিষ্ঠা অসম্ভৱ: পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃৰ মনৰ কথা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.