কাঁ মহোৎসৱত ইতিবাচক সঁহাৰি অল উই ইমাজিন এজ লাইটলৈ: ভাৰতলৈ আহিব নেকি বঁটা ? - All We Imagine as Light
Cannes Film Festival 2024:২০২৪ চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত পায়েল কাপাডিয়াৰ অল উই ইমাজিন এজ লাইটে ৮ মিনিটৰ বাবে ষ্টেণ্ডিং অভেশ্যন লাভ কৰে । প্ৰদৰ্শনৰ পিছতে কানি কুশ্ৰুতি আৰু দিব্যা প্ৰভাৰ বাবে শিৰোনাম দখল কৰা কাপাডিয়াৰ ছবিখনে ইতিবাচক সমালোচনা লাভ কৰিছে । এই বছৰ কোনে সন্মানীয় পাম ডি'অৰ লাভ কৰিব তাৰ বাবে প্ৰত্যাশা বাঢ়ি অহাৰ লগে লগে, ভাৰতে দীৰ্ঘদিন ধৰি প্ৰতীক্ষিত গৌৰৱ কঢ়িয়াই অনাৰ বাবে পায়েলৰ ওপৰত নিৰ্ভৰ কৰিছে ।

Published : May 24, 2024 at 3:32 PM IST
চিটাৰা ডেস্ক, 24 মে’ : কাঁ চলচ্চিত্ৰ মহোৎসৱ 2024 ৰ প্ৰিমিয়াৰত পায়েল কাপাডিয়াৰ ছবি অল উই ইমাজিন এজ লাইটে দৰ্শকৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয় ৷ ভাৰতীয় চিনেমাৰ বাবে এক উল্লেখনীয় মুহূৰ্ত হিচাপে চিহ্নিত হ’ল এই সময় ৷ মহোৎসৱৰ ৰেড কাৰ্পেটত কাপাডিয়াৰ লগতে ছবিখনৰ অন্য কলা-কুশলীসকলে নিজৰ উপস্থিতিৰে আন্তঃৰাষ্ট্ৰীয় সমালোচকসকলৰ দৃষ্টি আকৰ্ষণ কৰে ৷ তেওঁলোকৰ উপস্থিতিয়ে এক উল্লেখযোগ্য মাইলষ্ট’নৰ ইংগিত দিয়ে, কিয়নো অল উই ইমাজিন এজ লাইট হৈছে তিনিটা দশকৰ ভিতৰত প্ৰথমখন ভাৰতীয় ছবি যিয়ে উৎসৱৰ প্ৰতিযোগিতামূলক শাখাৰ বাবে যোগ্যতা অৰ্জন কৰিছে আৰু এইখন ছবিয়ে কাপাডিয়াক কাঁ ২০২৪ ত সন্মানীয় পাম ডি'অৰ (Palme d'Or) বঁটাৰ সম্ভাৱ্য প্ৰতিদ্বন্দ্বী হিচাপে স্থান দিছে ।

জেক অডিয়াৰ্ড, য়ৰ্গছ লেন্থিমছ, ফ্ৰান্সিছ ফৰ্ড কপ’লা, ডেভিদ ক্ৰনেনবাৰ্গ, পল শ্ৰেডাৰ, জিয়া জাংকেৰ দৰে বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতাৰ সৈতে তীব্ৰ প্ৰতিযোগিতাৰ মাজতো ২৩ মে’ত কাঁ ত প্ৰদৰ্শনৰ পিচত কাপাডিয়াৰ এই ছবিখনে মনোযোগ আৰু প্ৰশংসা লাভ কৰে । ছবিখনৰ স্ক্ৰীনিঙৰ পিছত আঠ মিনিটৰ আকৰ্ষণীয় ষ্টেণ্ডিং অভেশ্যন আৰু আগতীয়া পৰ্যালোচনালৈ মন কৰিলে, ছবিখনে প্ৰদৰ্শনৰ পিচত আন্তঃৰাষ্ট্ৰীয় সমালোচকসকলক আপ্লুত কৰি তোলে বুলি বুজিব পাৰি । প্ৰদৰ্শনৰ পূৰ্বে ছবিখনৰ অভিনেতাসকলে মাৰ্জিত সাজ-পোছাকত ৰেড কাৰ্পেটৰ শোভা বঢ়াইছিল ৷

ছবিখনৰ প্ৰাৰম্ভিক সমালোচনাসমূহ অতিশয় ইতিবাচক ৷ আন্তঃৰাষ্ট্ৰীয় সমালোচকসকলে কাপাডিয়াৰ আখ্যানমূলক দৃষ্টিভংগীক প্ৰশংসা কৰিছে । বলীউডৰ সাধাৰণ আড়ম্বৰপূৰ্ণ মিউজিকেলৰ পৰা পৃথক হ’লেও অল উই ইমাজিন এজ লাইটে এতিয়াও প্ৰতিকূলতাৰ মাজত প্ৰেম আৰু স্থিতিস্থাপকতা ফুটাই তুলিবলৈ সক্ষম হয় ।
এক শেহতীয়া সাক্ষাৎকাৰত কাপাডিয়াই তেওঁৰ পৰিচালনাৰ দৃষ্টিভংগীৰ কথা শ্বেয়াৰ কৰিছিল ৷ তেওঁ কৈছিল যে তেওঁ এনে এটা কাহিনী অন্বেষণ কৰিব বিচাৰিছিল য'ত মহিলাসকলে এক জটিল সামাজিক দৃশ্যপটত স্বায়ত্তশাসন আৰু পৰিপূৰ্ণতা বিচাৰে ।
ভাৰতীয় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট (এফ টি আই আই)ৰ স্নাতক হিচাপে কাপাডিয়াৰ পটভূমিয়ে তেওঁৰ বিশেষজ্ঞতা আৰু কলাত্মক সংবেদনশীলতাক দেখুৱাই দিছে ৷ তেওঁৰ গল্প কোৱাৰ গভীৰতা এই কথাত স্পষ্ট হৈ পৰে ।
25 মে'ত কাঁ মহোৎসৱ 2024 ৰ সামৰণি অনুষ্ঠানৰ বাবে সকলোৰে মাজত উদ্বিগ্নতা বৃদ্ধি পাইছে ৷ অল উই ইমাজিন এজ লাইটে সন্মানীয় পাম ডি'অৰ লাভ কৰিব নে নাই তাক লৈ জল্পনা-কল্পনা চলি আছে । কাপাডিয়াৰ চলচ্চিত্ৰখনৰ লগতে বিভিন্ন ধৰণৰ চলচ্চিত্ৰই স্বীকৃতিৰ বাবে প্ৰতিযোগিতাত নামিছে ৷
বিজয়ী ঘোষণা কৰাৰ আগতে কাঁ ২০২৪ ত পাম ডি'অৰৰ দৌৰত থকা ছবিসমূহ চাওক :
- আলী আব্বাছিৰ দ্য এপ্ৰেণ্টিছ
- কৰিম আইনৌজৰ মোটেল ডেষ্টিনো
- আন্দ্ৰেয়া আৰ্নল্ডৰ বাৰ্ড’
- জেক অডিয়াৰ্ডৰ এমিলিয়া পেৰেজ
- শ্বেন বেকাৰৰ এনোৰা
- ফ্ৰান্সিছ ফৰ্ড কপ্পলাৰ মেগাল'পলিছ
- ডেভিদ ক্ৰনেনবাৰ্গৰ দ্য শ্ৰাউডছ’
- ক’ৰালি ফাৰ্গেটৰ দ্য ছাবষ্টেন্স
- মিগেল গ’মেছৰ গ্ৰেণ্ড ট্যুৰ’
- ক্ৰিষ্টোফ অনাৰেৰ মাৰ্চেলো মিঅ'
- জিয়া জাংকেৰ কথ বাই দ্য টাইডছ
- পায়াল কাপাডিয়াৰ অল উই ইমাজিন এজ লাইট
- য়ৰ্গোছ লেন্থিমছৰ কাইণ্ডছ অৱ্ কাইণ্ডনেছ
- গিলছ লেলুচেৰ ল'মাউৰ আউফ
- আগাথে ৰিডিংগাৰৰ ডায়মাণ্ট ব্ৰুট (ৱাইল্ড ডায়মণ্ড)
- পল শ্ৰেডাৰৰ ওহ কানাডা
- কিৰিল চেৰেব্ৰেনিকোভৰ লিমোনভ
- পাওলো ছ’ৰেন্টিনোৰ পাৰ্থেনোপ
- মেগনাছ ভন হৰ্ণৰ দ্য গাৰ্ল উইথ দ্য নিডল
চূড়ান্ত ফলাফল অনিশ্চিত হৈ আছে, কিন্তু অল উই ইমাজিন এজ লাইটে যি ষ্টেণ্ডিং অভেশ্যন লাভ কৰিলে, সেই কথাই প্ৰমাণ কৰিলে যে বিশ্বব্যাপী চলচ্চিত্ৰৰ দৃশ্যপটত ছবিখনৰ তাৎপৰ্য কিমান ! বিশ্বই বিচাৰকৰ সিদ্ধান্তৰ বাবে অপেক্ষা কৰি থকাৰ সময়ত ভাৰতৰ আশা দৃঢ়ভাৱে পায়েলৰ ওপৰত নিৰ্ভৰ কৰিছে যে দীৰ্ঘদিন ধৰি ৰৈ থকা এই গৌৰৱ কঢ়িয়াই আনিব ছবিখনে ।
লগতে পঢ়ক : লা চিনেফত FTII ৰ শিক্ষাৰ্থীয়ে নিৰ্মাণ কৰা ছবিয়ে লাভ কৰে শীৰ্ষ পুৰস্কাৰ - Ftii Students Movies At Cannes

