গৰমৰ পৰা পৰিত্ৰাণ বিচাৰিছে নেকি ? শীতল বতাহ ল'বলৈ আহিব পাৰে শিলঘাটলৈ - Heat Wave in Assam

By ETV Bharat Assamese Team

Published : May 24, 2024, 4:05 PM IST

Updated : May 24, 2024, 5:26 PM IST

thumbnail
শীতল বতাহ ল'বলৈ আহিব পাৰে শিলঘাটলৈ (ETV Bharat Assam)

কলিয়াবৰ,২৪ মে': উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য । স্থবিৰ হৈ পৰিছে দৈনন্দিন জনজীৱন । সকলো হাবাথুৰি খাইছে এজাক শান্তিৰ বতাহ বিচাৰি । এচাটি শীতল বতাহ বিচাৰি ঢাপলি মেলিছে কাষৰীয়া নৈৰ পাৰলৈ । গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাৰ লগে লগে জনতাৰ সমাগম বাঢ়িছে প্ৰকৃতিৰ ৰম্যভূমি শিলে কথা কোৱা শিলঘাটলৈ ।

লুইতৰ পাৰত বহি শীতল বতাহ লৈ জুৰাইছে বিভিন্নজনে । প্ৰকৃতিৰ কাষ চাপিছে ডেকা-গাভৰু, বৃদ্ধ সকলো । বিয়লিভাগত ওলাই আহিছে প্ৰকৃতিৰ ৰম্যভূমি শিলঘাটৰ নদী ঘাটলৈ । কামাখ্যা পাহাৰৰ নামনি, ত্ৰিশূলধাৰীৰ নদী পাৰলৈ বিয়লিভাগত ঢপলিয়াই আহিছে বহু লোক । লুইতৰ পাৰৰ দেহ-মন জুৰ পেলোৱা ৰিব-ৰিব বতাহজাক আৰু সূৰ্যাস্তৰ মনোমোহা পৰিৱেশে আকৰ্ষণ কৰিছে অজস্ৰজনক ।

ফেনৰ বতাহেও যেন জুৰ পেলাব পৰা নাই শৰীৰ । সেয়ে নদীৰ পাৰৰ শীতল বতাহজাকৰ আনন্দ ল’বলৈ আহি শিলঘাট নদী ঘাটত অজস্ৰজনৰ ভিৰ । ইফালে উৎকট গৰমে দহিছে জীৱকুলকো । গৰমৰ পৰা ৰক্ষা পাবলৈ দিনটো বোকা-পানীত লুতুৰি-পুতুৰি হৈ ঘৰমুৱা হৈছে গোনা ম’হ । যি দৃশ্যই আপোনাক সোণসেৰীয়া চহা গাঁওখনলৈ মনত পেলাই নষ্টালজিক কৰি তুলিব ।

Last Updated : May 24, 2024, 5:26 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.