ETV Bharat / bharat

উৎকট গৰমে ২৪ ঘণ্টাত প্ৰাণ কাঢ়িলে ৫ গৰাকীৰ : ৰাজস্থানত ভয়াবহ পৰিস্থিতি - Death due to Heat Stroke

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 10:56 PM IST

Heat wave in Rajasthan: উৎকট গৰমৰ ফলত বিগত 24 ঘণ্টাত ৰাজস্থানত মৃত্যু 5 গৰাকীৰ ৷ ইয়াৰে একেখন চহৰতে মৃত্যু চাৰিগৰাকী লোকৰ ৷

DEATH DUE TO HEAT STROKE
ৰাজস্থানত উৎকট গৰম (ETV Bharat)

নিউজ ডেস্ক, 23 মে’: ৰাজস্থানত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ ৷ খবৰ আহিছে বিগত ২৪ ঘন্টাৰ ভিতৰত গৰমৰ ফলত মৃত্যু হোৱাৰ খবৰো ৷ ৰাজ্যখনৰ জালৌৰত ৪ গৰাকী আৰু যোধপুৰত এজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

ষ্টেচনতে হৈ পৰিল অচেতন : তীব্ৰ গৰমৰ ফলত জালোৰত এগৰাকী মহিলাসহ ৪ গৰাকী লোকৰ মৃত্যু হয় । প্ৰশাসনৰ পৰা লাভ কৰা তথ্য অনুসৰি জালৌৰ ৰে’ল ষ্টেচনৰ মোদ্ৰানৰ সমীপৱৰ্তী নৰপাৰা নিবাসী বিষ্ণুদন আৰু গুজৰাটৰ দীছাৰ বাসিন্দা সোহন ৰামৰ পুত্ৰ সুৰজদান খোদ ৰে’ল ষ্টেচনতে ঢলি পৰিছিল । এম্বুলেন্সৰ সহায়ত তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও দুয়োকে চিকিৎসকে মৃত ঘোষণা কৰে ।

ঘৰত কাম কৰি থকা অৱস্থাত মহিলাৰ মৃত্যু : তথ্য অনুসৰি প্ৰচণ্ড গৰমৰ ফলত আন এগৰাকী মহিলাৰো মৃত্যু হয় ৷ কেশৱনা পথত অৱস্থিত ছাফাদাৰ বাসিন্দা লুবান ৰাম গাৰ্গৰ পত্নী কমলা দেৱী (৪২)ৰ মৃত্যু হয় গৰমৰ ফলত । ঘৰত কাম কৰি থকা অৱস্থাত হঠাৎ মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটি অচেতন হৈ পৰে । লগে লগে পৰিয়ালৰ লোকে স্থানীয় চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসক ডাঃ বিজয় কুমাৰ মীনাই তেওঁক মৃত ঘোষণা কৰে ।

আহোৰতো মৃত্যু এগৰাকীৰ : আহোৰৰ বেদিয়া নিবাসী ফুলৰাম নামৰ লোকজনে ঘৰত কাম কৰি থকা অৱস্থাত হঠাৎ অসুস্থ হৈ পৰে আৰু পৰিয়ালে তেওঁক আহোৰ চিকিৎসালয়লৈ লৈ যায় । কিন্তু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ।

একেদৰে আহোৰৰ সোগাদি গাঁৱৰ বাসিন্দা উকাৰামৰ পুত্ৰ পোপাটলাল (৩০)ৰো মৃত্যু হয় ৷ পৰিয়ালৰ লোকে জনোৱা অনুসৰি বৃহস্পতিবাৰে বিয়লি আহোৰে পত্নীক লৈ মটৰ চাইকেলেৰে চিকিৎসালয়লৈ গৈছিল । পত্নীৰ স্বাস্থ্য পৰীক্ষা কৰি ঘৰলৈ উভতি অহাৰ কিছু সময়ৰ পিছত তেওঁৰো স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে ৷ যুৱকজনক আহোৰ চিকিৎসালয়লৈও অনা হয় যদিও উন্নত চিকিৎসাৰ বাবে তেওঁক জালোৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । জালৌৰত চিকিৎসাৰ সময়ত মৃত্যু হয় যুৱকজনৰ । অৱশ্যে গৰমৰ বাবে এই মৃত্যু হৈছেনে নাই সেয়া নিশ্চিত হোৱা নাই ।

যোধপুৰত মৃত্যু আদবয়সীয়া লোকৰ: যোধপুৰতো গৰমৰ বাবে এজন লোকৰ মৃত্যু হয় । শাস্ত্ৰী নগৰ আৰক্ষী থানাৰ বিষয়া দেৱেন্দ্ৰ সিং দেওৰাই জানিবলৈ দিয়া মতে, মিল্কমেন কলনীৰ বাসিন্দা ৫০ বছৰীয়া শ্যামলাল বিয়লি প্ৰায় ৪ বজাত ঘৰৰ পৰা ওলাই আহিছিল । হঠাৎ তেওঁ ঢলি পৰাৰ পিছত চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।

লগতে পঢ়ক: ঘৰৰ পৰা বাহিৰলৈ নোলাব : 39 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি হৈছে তাপমাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.