ETV Bharat / state

ডিব্ৰুগড় বিশ্ববিদ্যালয়-ৰাছিয়াৰ গৱেষকে অসমৰ জলাশয়ত আৱিষ্কাৰ কৰিলে দুটাকৈ বিৰল প্ৰজাতিৰ শামুক - Rare species of snails

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 4:00 PM IST

Rare species of snails in Assam:অসমৰ জলাশয়ত উদ্ধাৰ দুটাকৈ বিৰল প্ৰজাতিৰ শামুক । এই শামুক আৱিস্কাৰ কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু ৰাছিয়ান একাডেমী অৱ ছায়েন্সে । চিউদস্কেবিচ আৰু আচামনায়া বুলি নাম ৰখা হৈছে নতুন শামুক দুবিধক । ১৭০ বছৰৰ পিছত অসমৰ জলাশয়ত দুটা প্ৰজাতিৰ শামুকৰ সন্ধান পোৱা বুলি সদৰী কৰিছে গৱেষকসকলে ।

Rare species of snails in Assam
বিৰল প্ৰজাতিৰ শামুক (ETV BHARAT ASSAM)

মৰাণ, ২৪ মে’: জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ অসম । সময়ৰ লগে লগে অসমৰ প্ৰাকৃতিক পৰিবেশৰ কিছু পৰিবৰ্তন হৈছে যদিও অসমৰ বুকুত নতুন সম্পদৰ গৱেষণা আজিও চলি আছে । অসমৰ নদ-নদী, জলাশয়ত সমূহতো আছে নতুন সম্পদ সৃষ্টিৰ সম্ভাৱনা । যদিও জনসংখ্যা বৃদ্ধিৰ ফলত ৰাজ্যৰ জলাশয়সমূহ কিছু সংকুচিত হৈছে তথাপি জলাশয়সমূহত থকা নতুন সম্পদৰ সন্ধানত গৱেষণা অব্যাহত ৰাখিছে গৱেষকসকলে । ইয়াৰ মাজতে ৰাজ্যবাসীৰ বাবে ভাল খবৰ দিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু ৰাছিয়ান একাডেমী অৱ ছায়েন্সে । কিয়নো বহু বছৰ গৱেষণাৰ অন্তত অসমৰ জলাশয়ত দুটা প্ৰজাতিৰ শামুক আৱিস্কাৰ কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু ৰাছিয়ান একাডেমী অৱ চায়েন্সে ।

বিৰল প্ৰজাতিৰ শামুক (ETV BHARAT ASSAM)

দুখন শিক্ষানুষ্ঠানে এই সম্পৰ্কে চলোৱা গৱেষণাত অসমৰ বুকুত সন্ধান লাভ কৰিছে দুটা প্ৰজাতিৰ শামুকৰ । ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু ৰাছিয়ান একাডেমী অৱ ছায়েন্সে বহু বছৰ গৱেষণা কৰাৰ অন্তত দুটাকৈ নতুন জাতৰ চেপেটা শামুকৰ অৱস্থিতিৰ বিষয়ে তথ্য় লাভ কৰিছে । নতুন শামুক দুবিধক চিউদস্কেবিচ (Psudoscabies) আৰু আচামনায়া (Assamnaia) নামেৰে নামকৰণ কৰা হৈছে । লগতে গৱেষণাত নিশ্চিত হৈছে এই দুটা জাতৰ শামুকৰ অৱস্থিতি কেৱল অসমৰ জলাশয়তহে পোৱা যায় ।

গৱেষকৰ দলটোৱে এই সন্দৰ্ভত উল্লেখ কৰা অনুসৰি ইতিমধ্যে বিলুপ্ত হোৱা বুলি বিবেচিত আচামনায়া জাতৰ শামুকবিধৰ অস্তিত্বৰ বিষয়ে প্ৰায় ১৭০ বছৰৰ পাছত তথ্য উদ্ধাৰ হৈছে । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষকসকলে উল্লেখ কৰা মতে,ধনশিৰি অঞ্চলত আচামনায়া নামৰ শামুকবিধৰ অৱস্থিতি পোৱা গৈছে । আনহাতে, ডিব্ৰুগড়ৰ লেজাই কলাখোৱা অঞ্চলত চিউদস্কেবিচ নামৰ শামুক দুবিধক পোৱা গৈছে ।

ৰাজ্যৰ অন্যান্য প্ৰান্ততো এই দুবিধ শামুক পোৱাৰ সম্ভাৱনা থকা বুলি মন্তব্য় কৰিছে গৱেষকসকলে । এই গৱেষণাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ প্ৰাধ্যাপক ড৹ ডেভিদ কাৰ্দং আৰু জৈৱ প্ৰযুক্তি কেন্দ্ৰৰ সহকাৰী অধ্যাপক ড৹ জ্যোতিষ সোণোৱালৰ লগতে ৰাছিয়ান একাডেমী অৱ চায়েন্সৰ প্ৰতিনিধি তথা এই অধ্যয়নৰ মুখ্য বিজ্ঞানী ড৹ আইভান বলটভৰ নেতৃত্বত দেশ-বিদেশৰ কেইবাগৰাকী প্ৰাণী বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে । এই ফলাফলৰ পাছতে অসমৰ জলাশয়সমূহ চহকী জৈৱ-বৈচিত্ৰ্যৰ এক সুন্দৰ প্ৰতিচ্ছবি আৰু সম্পদ সম্ভাৱনাৰ পুনৰ উজ্জীৱিত হৈছে । সেয়ে চৰকাৰক অসমৰ জলাশয়সমূহ সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে গৱেষকসকলে ।

লগতে পঢ়ক:ICMRৰ ৰোষত দেশৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয় - ICMR Warns BHU

অপেক্ষা মাথোঁ ১৯ মে’লৈ; মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় পৰ্যটক হ’ব গোপিচন্দ থোটাকুৰা - INDIAN PILOT TOUR SPACE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.