একপক্ষীয় চুক্তিৰে অসমত শান্তি প্ৰতিষ্ঠা অসম্ভৱ: পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃৰ মনৰ কথা

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 10:15 PM IST

thumbnail

মৰাণ, 29 ডিচেম্বৰ: শুকুৰবাৰে স্বাক্ষৰিত হ’ল বহু চৰ্চিত আলফা-চৰকাৰৰ শান্তিচুক্তি । কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নৰ্থ ব্লকৰ কাৰ্যালয়ত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আলোচনাপন্থী আলফা গোটৰ নেতৃত্বই চুক্তিত স্বাক্ষৰ কৰে । এই শান্তিচুক্তিক বহুতে আদৰণি জনালেও একাংশই ইয়াক গুৰুত্বহীন আখ্যা দিছে । 

আলোচনাপন্থী আলফা গোটে চৰকাৰৰ সৈতে চুক্তি কৰিলেও পৰেশ বৰুৱাৰ নেতৃত্বত শ শ যুৱক-যুৱতী আজিও হাতত অস্ত্ৰ লৈ নিষিদ্ধ হৈ থাকি গ'ল । তেনেস্থলত এই চুক্তিয়ে কাক লাভাম্বিত কৰিব তাক লৈ উখাপিত হৈছে প্ৰশ্ন । আলফা-চৰকাৰৰ মাজত হোৱা শান্তি চুক্তিক লৈ ডিব্ৰুগড়ৰ চাবুৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাই । আলফা স্বাধীন আৰু আলোচনা পন্থী আলফাৰ দুই গোটেই পৃথকে পৃথকে আলোচনা কৰিলে কেতিয়াও শান্তি ঘূৰি নাহে বুলি কয় বিমল বৰুৱাই ।

একাংশ যুৱক-যুৱতী জংঘলত থকা সময়ত এই শান্তি চুক্তি কিমান দূৰ ফলপ্ৰসূ হ'ব তাকলৈ অসমৰ ৰাইজে চিন্তা কৰিছে বুলিও দোঁহাৰে পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃয়ে । তেওঁ কয় যে একপক্ষীয় আলোচনাত কেতিয়াও সমাধান নোলায় । এই শান্তিচুক্তিয়ে খিলঞ্জীয়া- ভূমিপুত্ৰৰ অধিকাৰ সুৰক্ষিত কৰিব লাগিব ৷ বিদেশলৈ গৈ হ'লেও চৰকাৰে পৰেশ বৰুৱাৰ সৈতে আলোচনা আৰম্ভ কৰক । পৰেশ বৰুৱাৰ হৃদয় শিলাময় নহয়, মন গলিলে আলোচনালৈ আহিবও পৰা ৷ চৰকাৰলৈ এই আহ্বান পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাৰ ৷

লগতে পঢ়ক: কি কি চৰ্তত স্বাক্ষৰিত হ’ল আলফা-চৰকাৰৰ চুক্তি ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.