ETV Bharat / health

আম নকটাকৈয়ে কেনেকৈ জানিব পকা নে কেঁচা ? জানি লওক এই টিপছ - MANGO PURCHASING TIPS

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 4:00 PM IST

MANGO PURCHASING TIPS: বজাৰৰ পৰা আম কিনাৰ সময়ত বহু সময়ত আমি চিন্তিত হও যে আম কেঁচা হ’ব পাৰে নেকি ! এনে পৰিস্থিতিত ইয়াত আমি আপোনালোকক কিছু টিপছ দিছো যাৰ সহায়ত আপুনি আম কাটি নোলোৱাকৈয়ে কেঁচা নে পকা গম পাব পাৰে ।

How do you know if a mango is raw or ripe without cutting it? Learn the way
আম নকটাকৈয়ে কেনেকৈ জানিব পকা নে কেঁচা ? জানি লওক এই টিপছ (GETTY IMAGES)

আম গ্ৰীষ্মকালত বজাৰত উপলব্ধ হৈ পৰে ৷ এই বতৰত ৰসাল আমৰ পৰা বহু ধৰণৰ ব্যঞ্জন তৈয়াৰ কৰা হয়, ইয়াৰে আটাইতকৈ জনপ্ৰিয় খাদ্য হৈছে Mango Shake ৷

How do you know if a mango is raw or ripe without cutting it? Learn the way
বজাৰৰ পৰা আম কিনাৰ পূৰ্বে কেনেকৈ জানিব আমটো কেঁচা নে পকা (GETTY IMAGES)

বজাৰৰ পৰা উপযুক্ত আম কিনাটো নিজৰ মাজতে এক কলাতকৈ কম নহয় ৷ বহু সময়ত বহুত অনুসন্ধান কৰিও আমি কেঁচা আম কিনি ঘৰলৈ লৈ আহো আৰু তাৰ পিছত বহুবাৰ আক্ষেপ কৰিব লগা হয় যে কিয় কিনিলো ! এনে পৰিস্থিতিত আমি আপোনালোকৰ বাবে কিছু টিপছ লৈ আহিছো যাৰ সহায়ত আপুনি বজাৰৰ পৰা পকা আম কিনিব পাৰিব ৷ ইয়াৰ লগতে ইয়াত উল্লেখ কৰা টিপচ্ সমূহৰ সহায়ত আপুনি নকটাকৈয়ে জানিব পাৰিব যে আমটো প্ৰাকৃতিকভাৱে পকিছে নে নাই…

১) ৰঙৰ দ্বাৰা চিনাক্ত কৰা

যদি আপুনি আম এটা কাটি নোযোৱাকৈ পকিছে নে নাই জানিব বিচাৰে তেন্তে তাৰ ৰংটোলৈ গুৰুত্ব দিয়ক ৷ যদি আম সম্পূৰ্ণ পকি যায় তেতিয়া ইয়াৰ ৰং হালধীয়া দেখা যাব ৷ আনহাতে, যদি আমখিনি কাৰ্বাইডেৰে পকোৱা হৈছে তেন্তে ইয়াত সেউজীয়া ৰং দেখা দিব পাৰে ৷

২) গোন্ধৰ দ্বাৰা জানি লওক

আম পকিছে নে নাই তাৰ গোন্ধৰ পৰাও জানিব পাৰিব ৷ আচলতে আমৰ মৃদু মিঠা সুগন্ধি থাকে, কিন্তু যদি আপুনি গোন্ধ পায় তেন্তে কিনিব পাৰে ৷

৩) স্পৰ্শ কৰি জানি লওক

যদি আম হাতত লোৱাৰ পিছত খুব টান অনুভৱ হয়, তেন্তে বুজিব যে ই পকা নাই ৷ কিন্তু মনত ৰাখিব যে আমটো যদি বেছি ঢিলা দেখা যায়, তেন্তে ই সোনকালে নষ্ট হ’ব পাৰে ৷

লগতে পঢ়ক: আপুনি খোৱা আম কেমিকেলযুক্ত নেকি? FSSAI ৰ সতৰ্কবাণী - FSSAI Warns Mango Traders

লগতে পঢ়ক: কেঁচা নে পকা ! কোনবিধ আম স্বাস্থ্যৰ পক্ষে উত্তম জানেনে ? - Raw Mango vs Ripe Mango

লগতে পঢ়ক: আম খাই ভাল পায় নেকি ? তেনেহ’লে সাৱধান হওক ! - Carbide used Mangoes Seized

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.