আম নকটাকৈয়ে কেনেকৈ জানিব পকা নে কেঁচা ? জানি লওক এই টিপছ - MANGO PURCHASING TIPS
MANGO PURCHASING TIPS: বজাৰৰ পৰা আম কিনাৰ সময়ত বহু সময়ত আমি চিন্তিত হও যে আম কেঁচা হ’ব পাৰে নেকি ! এনে পৰিস্থিতিত ইয়াত আমি আপোনালোকক কিছু টিপছ দিছো যাৰ সহায়ত আপুনি আম কাটি নোলোৱাকৈয়ে কেঁচা নে পকা গম পাব পাৰে ।

Published : May 24, 2024 at 4:00 PM IST
আম গ্ৰীষ্মকালত বজাৰত উপলব্ধ হৈ পৰে ৷ এই বতৰত ৰসাল আমৰ পৰা বহু ধৰণৰ ব্যঞ্জন তৈয়াৰ কৰা হয়, ইয়াৰে আটাইতকৈ জনপ্ৰিয় খাদ্য হৈছে Mango Shake ৷

বজাৰৰ পৰা উপযুক্ত আম কিনাটো নিজৰ মাজতে এক কলাতকৈ কম নহয় ৷ বহু সময়ত বহুত অনুসন্ধান কৰিও আমি কেঁচা আম কিনি ঘৰলৈ লৈ আহো আৰু তাৰ পিছত বহুবাৰ আক্ষেপ কৰিব লগা হয় যে কিয় কিনিলো ! এনে পৰিস্থিতিত আমি আপোনালোকৰ বাবে কিছু টিপছ লৈ আহিছো যাৰ সহায়ত আপুনি বজাৰৰ পৰা পকা আম কিনিব পাৰিব ৷ ইয়াৰ লগতে ইয়াত উল্লেখ কৰা টিপচ্ সমূহৰ সহায়ত আপুনি নকটাকৈয়ে জানিব পাৰিব যে আমটো প্ৰাকৃতিকভাৱে পকিছে নে নাই…
১) ৰঙৰ দ্বাৰা চিনাক্ত কৰা
যদি আপুনি আম এটা কাটি নোযোৱাকৈ পকিছে নে নাই জানিব বিচাৰে তেন্তে তাৰ ৰংটোলৈ গুৰুত্ব দিয়ক ৷ যদি আম সম্পূৰ্ণ পকি যায় তেতিয়া ইয়াৰ ৰং হালধীয়া দেখা যাব ৷ আনহাতে, যদি আমখিনি কাৰ্বাইডেৰে পকোৱা হৈছে তেন্তে ইয়াত সেউজীয়া ৰং দেখা দিব পাৰে ৷
২) গোন্ধৰ দ্বাৰা জানি লওক
আম পকিছে নে নাই তাৰ গোন্ধৰ পৰাও জানিব পাৰিব ৷ আচলতে আমৰ মৃদু মিঠা সুগন্ধি থাকে, কিন্তু যদি আপুনি গোন্ধ পায় তেন্তে কিনিব পাৰে ৷
৩) স্পৰ্শ কৰি জানি লওক
যদি আম হাতত লোৱাৰ পিছত খুব টান অনুভৱ হয়, তেন্তে বুজিব যে ই পকা নাই ৷ কিন্তু মনত ৰাখিব যে আমটো যদি বেছি ঢিলা দেখা যায়, তেন্তে ই সোনকালে নষ্ট হ’ব পাৰে ৷

