ETV Bharat / state

আম খাই ভাল পায় নেকি ? তেনেহ’লে সাৱধান হওক ! - Carbide used Mangoes Seized

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 7:59 PM IST

Updated : May 22, 2024, 8:11 PM IST

Carbide used Mangoes Seized : আপোনাৰো প্ৰিয় ফল আম নেকি ? তেন্তে বজাৰত আম ক্ৰয় কৰাৰ পূৰ্বে সাৱধান হওক ৷ খাদ্য সুৰক্ষা বিভাগৰ অভিযানত ফাঁচী বজাৰত ওলাল কাৰ্বাইডযুক্ত আম ৷

Carbide used Mangoes Seized In Fancy Bazar Crackdown by Food Safety department
ফাঁচি বজাৰত খাদ্য সুৰক্ষা বিভাগৰ অভিযান (Etv bharat assam)

গুৱাহাটী, 22 মে': সাৱধান ! দেখাত ধুনীয়া যেন লগা পকা আম ক্ৰয় কৰিবলৈ যাওঁতে সাৱধান হওক । অন্যথা আমৰ নামত অখাদ্য ক্ৰয় কৰিব আপুনি । যিয়ে শৰীৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে । কাৰণ খাদ্য সুৰক্ষা বিভাগৰ অভিযানত ধৰা পৰিছে কাৰ্বাইডযুক্ত আম ।

বুধবাৰে কাৰ্বাইডযুক্ত ফলৰ বিৰুদ্ধে গুৱাহাটীত খাদ্য সুৰক্ষা বিভাগে অভিযান চলায় । গুৱাহাটীৰ ফাঁচী বজাৰত অভিযান চলাই খাদ্য সুৰক্ষা বিভাগে জব্দ কৰে কাৰ্বাইডযুক্ত এক কুইণ্টলৰো অধিক আম । জব্দ কৰা কাৰ্বাইডযুক্ত আমখিনি নষ্ট কৰে খাদ্য সুৰক্ষা বিভাগে ।

উল্লেখ্য যে, বুধবাৰে খাদ্য সুৰক্ষা বিভাগৰ এটা দলে গুৱাহাটীৰ ফাঁচী বজাৰৰ ফলৰ বজাৰত অভিযান চলায় । ফাঁচী বজাৰৰ প্ৰতিখন দোকানত অভিযান চলাই খাদ্য সুৰক্ষা বিভাগৰ দলটোৱে । কামৰূপ মহানগৰ জিলাৰ খাদ্য সুৰক্ষা জিলা প্ৰশাসনৰ দলটোৱে বিভিন্ন ফলৰ দোকান পৰিদৰ্শন কৰি কৃত্ৰিমভাৱে পকোৱা আম, কল আদি ফলৰ ক্ষেত্রত অভিযান চলায় ।

পৰিদৰ্শনৰ সময়ত অভিযানকাৰী দলটোৱে জমা কৰি থোৱা বৃহৎ পৰিমাণৰ কাৰ্বাইডযুক্ত আম জব্দ কৰাৰ লগতে নষ্ট কৰি পেলায় । অভিযানকাৰী দলটোৱে এক কুইন্টলৰো অধিক কাৰ্বাইডযুক্ত আম জব্দ কৰি নষ্ট কৰে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য কৰা প্ৰয়োজন যে ফলত ব্যৱহাৰ কৰা কাৰ্বাইড মানৱ শৰীৰৰ বাবে অত্যন্ত অপকাৰী যদিও মুনাফা লাভৰ বাবে অসাধু ব্যৱসায়ীসকলে এই কাৰ্বাইডযুক্ত ফল বজাৰত বিক্ৰী কৰি আহিছে । খাদ্য সুৰক্ষা বিভাগে নিয়মীয়াভাবে অভিযান নচলোৱাৰ সুযোগতে অসাধু ব্যৱসায়ীসকলে এনেদৰে কাৰ্বাইডযুক্ত ফল বজাৰত মেলি দিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক: কেঁচা নে পকা ! কোনবিধ আম স্বাস্থ্যৰ পক্ষে উত্তম জানেনে ? - Raw Mango vs Ripe Mango

Last Updated : May 22, 2024, 8:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.