লখিমপুৰত বাণীকান্ত কাকতি বঁটা বিতৰণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 5:25 PM IST

thumbnail

লখিমপুৰ, ৩০ নৱেম্বৰ : লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত বৃহস্পতিবাৰে ড৹ বাণীকান্ত কাকতি বঁটা প্ৰদান কৰা হয় । এই অনুষ্ঠানত দুগৰাকী বিধায়কৰ লগতে মুখ্য অতিথি হিচাপে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অংশগ্ৰহণ কৰে । ‘দেশত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথম স্কীল ডেভেলপমেন্টৰ সূচনা কৰে । ৰাজ্যত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিতৌ উদ্ভাৱনী চিন্তাৰে বিভিন্ন বিভাগক সমৃদ্ধ কৰাৰ প্ৰয়াস কৰিছে । নিতৌ তেওঁ এনেবোৰ চিন্তা চৰ্চা কৰি ৰাজ্যখনক আগুৱাই নিয়াৰ প্ৰয়াস কৰিছে’, লখিমপুৰত এই মন্তব্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ ।

শিক্ষার্থীসকলক মানৱ সম্পদ হোৱাৰ বাবে আহ্বান জনায় মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে । সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰি নিজৰ গুণ বিকশিত কৰি আগুৱাই যাবলৈ শিক্ষাৰ্থী সমাজলৈ অনুৰোধ জনায় তেওঁ । তেওঁ কয় ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে শিক্ষা,স্বাস্থ্য, সকলো বিভাগতে মানৱ সম্পদ গঢ় দিয়াৰ প্ৰয়াস কৰিছে । বিধায়ক অমিয় কুমাৰ ভূঞায়ো চৰকাৰখনৰ কাম কাজৰ ওপৰত আলোকপাত কৰি ভাষণ দিয়ে । উল্লেখ্য যে, প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত লখিমপুৰত ড৹ বাণীকান্ত কাকতি মেধা বঁটা ১ হেজাৰ ৫২৩ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ আগবঢ়োৱা হৈছে । 2023 বৰ্ষত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ৬০ শতাংশৰ অধিক নম্বৰ প্ৰাপ্ত ছাত্ৰী আৰু ৭৫ শতাংশ নম্বৰ প্ৰাপ্ত ছাত্ৰক এই বঁটাৰ অধীনত স্কুটী প্ৰদান কৰা হয় । অনুষ্ঠানটোত জিলাৰ উন্নয়ন আয়ুক্ত উৎপল বৰা, বিধায়ক মানৱ ডেকা, অমিয় কুমাৰ ভূঞা, অতিৰিক্ত আয়ুক্ত ভাস্কৰ বৰা, লখিমপুৰ পৌৰপতি নিবেদিতা দত্ত, বিহপুৰীয়াৰ পৌৰপতি দীপশিখা বৰা, লখিমপুৰ জিলা পৰিষদৰ সভাপতি মঞ্জু বৰগোহাঁই, লখিমপুৰ নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ সমীৰণ কোঁৱৰ, জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়া, অগপৰ জিলা সভাপতি দীপক বৰদলৈ, ঢকুৱাখনা সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি বজ্ৰ কুমাৰ দলে, বিভিন্ন শিক্ষানুষ্ঠানৰ কেইবাশ ছাত্ৰ-ছাত্ৰী, শিক্ষক তথা অভিভাৱকসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : পৰিশ্ৰমৰ বঁটা লাভ কৰি উৎফুল্লিত শিক্ষাৰ্থী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.