পৰিশ্ৰমৰ বঁটা লাভ কৰি উৎফুল্লিত শিক্ষাৰ্থী

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 3:35 PM IST

thumbnail

আমগুৰি, 30 নৱেম্বৰ : বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যতে 2023 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক বাণীকান্ত কাকতি বঁটা প্ৰদান কৰা হয় ৷ উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিসকল ছাত্ৰী আৰু ছাত্ৰই ক্ৰমান্বয়ে 60 শতাংস আৰু 75 শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল সেইসকলক আজি বাণীকান্ত কাকতি বঁটা হিচাপে স্কুটী প্ৰদান কৰা হৈছে ৷ আন আন ঠাইসমূহৰ দৰে শিৱসাগৰতো মেধাৱী ছাত্ৰ-ছাত্ৰীক ড৹ বাণীকান্ত কাকতি বঁটা প্ৰদান কৰা হয় ।

বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথিৰ ৰূপত কৃষি মন্ত্ৰী অতুল বৰা উপস্থিত থাকে । শিৱসাগৰৰ মুঠ ১,৪৮১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুটী বিতৰণ কৰা হয় । শিৱসাগৰ জিলাৰ জাঁজীস্থিত জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয় এই বঁটা প্ৰদান অনুষ্ঠান । স্কুটী লাভ কৰা ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি দিয়া ভাষণত যান-বাহন আইনৰ শিক্ষা দিলে মন্ত্ৰী অতুল বৰাই ।

অতুল বৰাৰ উপৰিও অনুষ্ঠানত উপস্থিত থাকে বিধায়ক প্ৰদীপ হাজৰিকা সহিতে জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ, শিৱসাগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰফুল্ল কলিতা, জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অধ্যক্ষ মানজিত গগৈ । নতুনকৈ স্কুটী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে সহজতে অনুজ্ঞাপত্ৰ লাভ কৰিব পৰাকৈ জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ।

লগতে পঢ়ক : চিৰাঙতো মেধাৱী ছাত্ৰ-ছাত্ৰীক ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.