চিৰাঙতো মেধাবী ছাত্ৰ-ছাত্ৰীক ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 1:42 PM IST

thumbnail

চিৰাং, 30 নৱেম্বৰ : সমগ্ৰ ৰাজ্যৰ লগতে চিৰাং জিলাৰ কাজলগাঁৱৰ পেৰেড গ্ৰাউণ্ডত বৃহস্পতিবাৰে 2023 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ মেধাবী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হয় ড৹ বাণীকান্ত কাকতি মেধা বঁটা ৷ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যিসকল ছাত্ৰীয়ে 60 শতাংশ আৰু ছাত্ৰই 75 শতাংশ নম্বৰ লাভ কৰিছিল সেইসকল শিক্ষাৰ্থীক আজি স্কুটী বিতৰণ কৰে মন্ত্ৰী ইউ জি ব্ৰহ্মই ৷ চিৰাং জিলাত এইবেলি মুঠ 417 গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ’ব ড৹ বাণীকান্ত কাকতি মেধা বঁটা  ৷ ইয়াৰে 56 গৰাকী ছাত্ৰ আৰু 361 গৰাকী ছাত্ৰী আছে ।

আজিৰ ড৹ বাণীকান্ত কাকতি বঁটা প্ৰদান কৰি ঘূৰি-ফুৰাত ব্যৱহাৰ কৰাৰ সলনি ভাল কামত স্কুটীখন ব্যৱহাৰ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায় মন্ত্ৰী ব্ৰহ্মই ৷ আনহাতে উক্ত অনুষ্ঠানত উপস্থিত থাকে বিধায়ক জয়ন্ত বসুমতাৰী, বিধায়ক অজয় কুমাৰ ৰায়, জিলা আয়ুক্তৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক : একো আলোচনাই হোৱা নাই চন্দন ব্ৰহ্মক লৈ: ইউ জি ব্ৰহ্ম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.